Guwahati University Post graduate Students’ Union Election Results:গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

সাধাৰণ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ ৰাজকীয় উদ্থান, সাধাৰণ সম্পাদক পদত জয়ী অগপৰ অসম ছাত্র পৰিষদৰ কৌশিক বৰুৱা,সভাপতিৰ পদত জয়ী এবিভিপিৰ মানস প্রতিম কলিতা,উপ-সভাপতি পদত জয়ী আছুৰ উদীপ্ত বায়ন

gu election

Guwahati University Post graduate Students’ Union Election Results:

স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২৪ৰ বৃহস্পতিবাৰে অনুস্থিত হোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয় ৷ পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত অসম ছাত্ৰ পৰিষদৰ ৰাজকীয় উদ্থান হয় ৷

ভোট গণনাৰ অন্তত এ বি ভি পিৰ সমৰ্থিত সভাপতি পদত বিজয়ী হয় মানস প্ৰতীম কলিতাই ৷ সাধাৰণ সম্পাদক পদত অগপৰ অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত কৌশিক বৰুৱাই জয়লাভ কৰে।

আনহাতে,উপ- সভাপতি পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী উদীপ্ত বায়ন বিপুল ভোটৰ ব্যৱধানত জয়ী হয় ৷ উল্লেখ্য যে অসম জাতীয় পৰিষদৰ সমৰ্থনত সাধাৰণ সম্পাদক সহ সমাজ সেৱা সম্পাদক, তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক, সাধাৰণ ক্ৰীড়া সম্পাদক আৰু শৰীৰ চৰ্চা সম্পাদক বিজয়ী হোৱাৰ বিপৰীতে আছুৰ সমৰ্থনত উপ- সভাপতি উদীপ্ত বায়ন সহ লঘু ক্ৰীড়াৰ সম্পাদক পদত উজ্জ্বল কলিতাই জয়লাভ কৰে ৷ এই বাতৰি প্ৰস্তুত কৰালৈকে ভোট গণনা অব্যাহত থকা হেতুকে আন বিজয়ী সকলৰ নাম কিছু সময়ৰ ঘোষণা হ’ব ৷

Exit mobile version