Bongaigaon:বঙাইগাঁৱৰ সৃজনগ্ৰাম বৰঘোলাৰ যুৱক বহি:ৰাজ্যত কাম কৰিব গৈ থকা অৱস্থাত আদবাটতে অনাকাংশিত মৃত্যু

youth 1

Bongaigaon:

বঙাইগাঁৱৰ সৃজনগ্ৰাম বৰঘোলাৰ যুৱক বহি:ৰাজ্যত কাম কৰিব গৈ থকা অৱস্থাত আদবাটতে অনাকাংশিত মৃত্যু | সৃজনগ্ৰামৰ যুৱক বিকাশ কুমাৰ ৰায়ে ২৫ চেপ্তেম্বৰত কামাখ্যা-গান্ধীধাম এক্সপ্ৰেছ যোগে ৰেলেৰে কাম কৰিবলৈ গুজৰাটলৈ যোৱা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লয়।

যুৱকজনৰ মৃতদেহ ২৭ চেপ্তেম্বৰত সুৰেন্দ্ৰ নগৰ ৰেল ষ্টেচন গুজৰাটত GRP য়ে উদ্ধাৰ কৰে। অতি দুখীয়া পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান বিকাশৰ অকাল মৃত্যৱে অঞ্চলটোত শোকৰ ছা পেলাইছে। বিকাশৰ মৃতদেহ নিজ বাসগৃহলৈ আনিবলৈ অক্ষম মাতৃ আৰু স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক কাতৰ আহ্বান জনাইছে।

Exit mobile version