Horrific murder In Guwahati Barmataria: মহানগৰীৰ ভিআইপিৰ বৰমটৰীয়াত জঘন্য কাণ্ড

নিজ জন্মদাত্ৰী মাতৃক ট্ৰফৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জীয়ৰী, টেনিছ খেলুৱৈ তানিয়া কুমাৰীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

dispur

Horrific murder In Guwahati Barmataria:

মহানগৰীৰ মাজমজিয়াত জঘন্য ঘটনা ৷ জীয়ৰীৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃ ৷ দিনক দিনে গুৱাহাটীত অবাধ হাৰত বৃদ্ধি পাইছে মাৰপিট,ধৰ্ষণ আৰু লোমহৰ্ষক হত্যাকাণ্ড ৷

শুক্ৰবাৰে নিশা মহানগৰীৰ ভিআই পি পথৰ অভিজাত এপাৰ্টমেণ্ট ‘পূণিৰ্মা মেনচনত তানিয়া কুমাৰী নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীয়ে নিজ মাতৃক টেনিছ ট্ৰফীয়ে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷ হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মাতৃ গৰাকীৰ নাম মঞ্জু দেৱী ৷

উল্লেখ্য যে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিতৰ সময়ত ঘাতক জীয়ৰী গৰাকীৰ পিতৃ নাছিল বাসগৃহত ৷ পিছত ঘটনাস্থলীত পিতৃ আহি তেজেৰে তুমৰলি হৈ পৰি থকা পত্নীৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি চিঞৰ- বাখৰ কৰে ৷ এই হুলস্থূল শুনি এপাৰ্টমেণ্টটোৰ অন্য আবাসী আহি আৰক্ষীক খবৰ দিয়ে ৷

নিশাই দিছপুৰ আৰক্ষীয়ে ঘাতক তানিয়া কুমাৰীক গ্ৰেপ্তাৰ কৰি পানবজাৰ মহিলা থানালৈ যায় ৷ ঘটনা সন্দৰ্ভত স্থানীয় আবাসীয়ে কোৱা মতে ফ্লেটটোৰ তিনিজনীয়া পৰিয়ালৰ ভিতৰত পিতৃ,মাতৃ আৰু জীয়ৰী ৷ পিতৃ গৰাকী টেনিছ প্ৰশিক্ষক ৷ জীয়ৰীক সৰুৰে পৰা টেনিছ খেলুৱৈ হিচাপে গঢ়ি তোলাত বহু কষ্ট কৰি পৰৱৰ্তী সময়ত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিছিল প্ৰশিক্ষক পিতৃয়ে ৷ এনে এগৰাকী সম্ভাৱনাময় খেলুৱৈৰ হাতত নিজ মাতৃ হত্যাৰ বলী হোৱাত সমগ্ৰ গুৱাহাটীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

এপাৰ্টমেণ্টৰ আবাসীয়ে জানিব দিয়া মতে ঘটনাৰ দিনা মাতৃৰ স’তে জীয়ৰীৰ তৰ্ক -বিতৰ্ক হোৱা তেওঁলোকে শুনিছিল ৷ কি কাৰণে নিজ জীয়ৰীয়ে জন্মদাত্ৰী মাতৃক টেনিছ খেলত পোৱা ট্ৰফীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৷ এইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷ বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আবৰ্তত ৷

Exit mobile version