AASU Emergency executive meeting completed:
মহানগৰীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত সোমবাৰে অনুষ্ঠিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা।
অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত আলোচনা হয় আছুৰ কাৰ্যনিৰ্বাহকত ৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে হোৱা দ্বিপাক্ষিক বৈঠক সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক চাৰ্জন হাঞ্চে ৷
কাৰ্যনিৰ্বাহক বৈঠক শেষ হোৱাৰ পিছত আছুৰ সভাপতি উৎপল শৰ্মাই সাংবাদিকক কয়,অসম চুক্তিৰ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাৰ পিছত কাৰ্যনিৰ্বাহক বৈঠককৰ্মসুচে নিৰূপণ সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰা হয় ৷অসম চুক্তিৰ ছয় নং দফা সম্পূৰ্ণ কাৰ্যকৰী কৰিবলৈ দাবী সদায় থাকিব। একেদৰে কেন্দ্ৰৰ অধীনৰ বিষয় সমূহৰ দাবী ছাত্ৰ সন্থাই জনাই যাব।
আনহাতে অসম চুক্তি কাৰ্যকৰী হোৱাটো নিবিচৰা একাংশ ৰাজনৈতিক দলৰ সন্দৰ্ভত শৰ্মাই কয়, তেওঁলোকে অসম চুক্তি কাৰ্যকৰী হোৱাটো নিবিচাৰে, অসমত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাটো তেওঁলোকে নিবিচাৰে।
চাৰিটা দশক আছুৱে আন্দোলন কৰি আহিছে ৷ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী হোৱাটো বিচাৰে৷এটা দফাও কাৰ্যকৰী কৰিব খুজিলে আমি আদৰণি জনাম। অসমীয়াক সকলোৱে প্ৰতাৰণাই কৰিছে ৷প্ৰতিটো ৰাজনৈতিক দলে ক্ষমতাত আছে কিন্তু ছাত্ৰ সন্থাই আন্দোলন কৰি থাকিব লগীয়াই হৈ আছে, কোনো এতিয়াও আসস্ত হোৱা নাই।আমাক ফলাফল লাগে, বহুত নিৰ্বাচন পাৰ হৈ গলএতিয়া ২০২৬ত বা ২৭ত বা ২৮ ত হলেও লাগে। কাৰ ৰাজনৈতিক কি লাভ হৈছে সেইয়া ছাত্ৰ সন্থাৰ বাবে চিন্তাৰ বিষয় নহয়।আমাৰ কথা চুক্তি ৰূপায়ন হব লাগে।
আনহাতে আছুৰ মুখ্য উপদেষ্টা ড:সমুজ্জল ভট্টাচৰ্যৰ কয়,সাংবিধানিক ৰক্ষা কৱচ আমাক লাগে |বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব।শেষৰটো পৰামৰ্শ কাৰ্যকৰী নোহোৱালৈ আমি লাগি থাকিম।ফলাফল নোপোৱালৈকে আমি আশ্বস্ত নহওঁ।সংবিধান সংশোধন কৰি হলেও অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব। অসম চুক্তিৰ ৰূপায়ণৰ বাবে চুক্তি হোৱাৰ দিনাৰ পৰা লাগি আছে আছু।
মনমোহন সিঙৰ সৈতে আলোচনা হ’ব বুলি কোৱাৰ কংগ্ৰেছৰ দিনত প্ৰতিবাদ বন্ধ হৈছিল, তেতিয়াও কংগ্ৰেছক সহায় কৰা বুলি কৈছিল, এতিয়া বিজেপিক সহায় কৰা বুলি কৈছে কাৰ কি সহায় হৈছে সেইটো আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয় ৰাজপথৰ আন্দোলনৰ সমাপণ আলোচনাৰ টেবুলত হয়।আলোচনাৰ বাবে আছু সদায় যাব। আলোচনাত সমাধান নহলে আকৌ ৰাজপথত আন্দোলনৰ বাবে নামি পৰিব আছু ৷
আনহাতে ড:ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণকলৈ কয়,আছু আৰু এ পি ডব্লিউ– এ এন আৰ চি ৰিভিকেচনৰ কাৰনে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছে ৷ এনে প্ৰেক্ষাপটত এতিয়া অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত ৰি-ভেৰিফিকেচনৰ কাৰণে আবেদন কৰক ৷