raijor dal 1

Raijor dal Protest In Bijuli bhawan:

মঙলবাৰে মহানগৰীৰ বিজুলী ভৱনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ দল ৷ আঞ্চলিক ৰাজনৈতিক দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ কে’বা শতাধিক কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ বিজুলী ভৱনৰ সন্মুখত অৱস্থান কৰি স্মাৰ্টমিটাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰৰ অধীনস্থ অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ঘৰে ঘৰে পূৰ্বৰ ডিজিটেল মিটাৰৰ পৰিৱৰ্তে স্মার্ট মিটাৰ স্থাপনৰ পিছৰে পৰা গ্রাহকসকলে অত্যাধিক হাৰত বিদ্যুত মাছুল আদায় দিবলগীয়া হৈছে।

অথচ স্মার্ট মিটাৰ সংস্থাপনৰ প্ৰধান উদ্দেশ্য আছিল বিদ্যুতৰ ব্যৱহাৰ আৰু বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি কৰা। কিন্ত পৰৱৰ্তী সময়ত দেখা গৈছে স্মাৰ্টমিটাৰৰ জৰিয়তে এপিডিচিএলে বিদ্যুত গ্ৰাহকক ৰামটাঙোন সোধাই অত্যাধিক বিল সংগ্ৰহ কৰি আহিছে ৷ এই মন্তব্য জিলা সমিতিৰ সভাপতি শংকৰ লস্কৰৰ ৷ উত্তাল প্ৰতিবাদৰ অন্তত জিলা সমিতিৰ তৰফৰ পৰা বিজুলী ভৱনৰ কতৃত্বপ্ৰাপ্ত বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পঠিওৱা হয় এখন স্মাৰকপত্ৰ ৷

Exit mobile version