Lawyers benefit from long legal battles:Chief Judge:দীর্ঘদিন আইনী যুঁজত লাভবান হয় অধিবক্তা

পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদ কৰি লওকঃ বিচ্ছেদৰ গোচৰত পৰামৰ্শ মুখ্য ন্যায়াধীশৰ,আপুনি ইমান শিক্ষিত, তাৰ পাছত আপোনাৰ চাকৰি নাই, আপুনি নিজৰ বাবে চাকৰি বিচৰা উচিত

chandrasurh

Lawyers benefit from long legal battles:Chief Judge:

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে বিবাহ বিচ্ছেদৰ গোচৰ দুয়োপক্ষৰ সম্মতি মর্মে নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ গুচৰীয়াসকলক পৰামর্শ দিয়ে যে তেওঁলোকে যাতে উভয়পক্ষৰ সম্মতিত বিবাহ বিচ্ছেদ কৰে।

কিয়নো দীর্ঘদিন আইনী যুঁজৰ ক্ষেত্ৰখনত আইনজীৱী সকলহে লাভবান হয়। গোচৰ যিমান দিন চলিব আইনজীৱীসকল সিমানেই আনন্দিত হ’ব। পাৰিবাৰিক বিৰোধৰ গোচৰ দুই পক্ষই এটাই আনটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সমাধানৰ আশাৰে উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হয়।

এই সম্পর্কীয় গোচৰৰ শুনানীত দম্পতীহালক মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে পৰামর্শ দি কয়, ‘উভয়ৰ সম্মতিত বিবাহ বিচ্ছেদ কৰি লওক।’ ইয়াৰ কাৰণ ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে দীর্ঘদিনৰ আইনী যুঁজৰ অন্তত লাভবান হ’ব আইনজীৱীসকলহে। গোচৰ যিমানে দীঘলীয় হব সিমানে তেওঁলোক আনন্দিত হ’ব।

উচ্চতম ন্যায়ালয়ৰ শুনানীকালত এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰে। এই গোচৰৰ শুনানীকালত মুখ্য ন্যায়াধীশে মহিলাগৰাকীক তেওঁৰ শিক্ষাগত অর্হতা কি সেই বিষয়ে জানিবলৈ বিচাৰে। উত্তৰত মহিলাগৰাকীয়ে কয় যে তেওঁ আমেৰিকাত এমটেক আৰু ডক্টৰেট ডিগ্ৰী লৈছে।

তাৰ পাছত এইবাৰ মুখ্য ন্যায়াধীশে জানিব বিচাৰে যে মহিলাগৰাকীয়ে এতিয়া কি কাম কৰে? উত্তৰত মহিলাগৰাকীয়ে কয় যে তেওঁ এতিয়া নিবনুৱা। এই উত্তৰ শুনি অবাক হৈ পৰে মুখ্য ন্যায়াধীশ। তেওঁ মহিলাগৰাকীক উদ্দেশি কয়, ‘আপুনি ইমান শিক্ষিত, তাৰ পাছতো আপোনাৰ চাকৰি নাই। আপুনি নিজৰ বাবে চাকৰি বিচৰা উচিত।

ইয়াৰ পাছত মুখ্য ন্যায়াধীশে মহিলাগৰাকীক পাৰস্পৰিক সম্মতিত বিবাহ বিচ্ছেদৰ পৰামৰ্শ দি কয়, ‘আপুনি জীৱনত ১০ বছৰ আইনী যুঁজ দি কটাব পাৰিব। ১০ বছৰ ধৰি গোচৰ চলিলে একমাত্র আইনজীৱীসকলহে আনন্দিত হ’ব।’ এই সম্পর্কত তেওঁ আৰু কয়, ‘আপোনালোকৰ গোচৰ শুনি মোৰ ধাৰণা – হৈছে যে আপোনালোক দুজনে আৰু একেলগে থাকিব নোৱাৰিব। সেই কাৰণে – বিবাহ বিচ্ছেদেই শ্রেয় হ’ব বুলি মোৰ ধাৰণা।

Exit mobile version