Prime Minister Narendra Modi laid the virtual foundation stone of an Adarsh ​​Residential School in Boko:কামৰূপৰ বকোত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 

pegu

Prime Minister Narendra Modi laid the virtual foundation stone of an Adarsh ​​Residential School in Boko:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰীবাগৰ পৰা ভাৰ্চুৱেলী কামৰূপ জিলাৰ বকোৰ নাগোপাৰাত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ নেশ্যনেল এড্যুকেশ্যন ছ’চাইটি ফ’ৰ ট্ৰাইবেল ষ্টুডেণ্টছৰ অধীনত নিৰ্মাণ হ’বলগীয়া একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশজুৰি মুঠ ৪০ খন এনে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ লোকাৰ্পণ আৰু ২৫ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ২৫খনৰ ভিতৰত অসমৰ কামৰূপ জিলাৰ বকোত প্ৰথমখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।

আজি এই উপলক্ষে বকোত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্ৰমা (ভৈয়াম) আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ পৰিবেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, ৰাভা হাছঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে।

অনুষ্ঠানত বক্তব্য ৰাখি জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ভাৰ্চুৱেলী একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ বাবে ধন্যবাদ জনাই কয় যে ৰাজ্যৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নৰ দিশত শিক্ষা এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক। সেয়ে সকলো নাগৰিকে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ দিশত পাৰ্যমানে অৰিহণা আগবঢ়াব লাগে। তেওঁ ভাষণ প্ৰসংগত আজি আধাৰশিলা স্থাপন কৰা একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত মুঠ ৪৮০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা, খেলা-ধূলাৰ প্ৰশিক্ষণ আৰু আৱাসিক সুবিধা থাকিব বুলিও উল্লেখ কৰে ।

অনুষ্ঠানৰ আৰম্ভণিতে আজি গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰা হয়।

Exit mobile version