sidli

Chirang Bhupen Bora at Joining programme:

চিৰাঙৰ কংক্ৰাঝোৰাত কংগ্ৰেছৰ যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা। ৩১ নং চিদলী বিধান সভা সমষ্টিৰ উপ-নিৰ্ব্বাচনক লৈ কংগ্ৰেছ দলৰ তৎপৰতাৰ অংশ বিশেষ এই যোগদান অনুষ্ঠান। বিভিন্ন দলৰ ডেৰ শতাধিক লোকে যোগদান কৰে কংগ্ৰেছ দলত । চিদলী উপ- নিৰ্ব্বাচনৰ বাবে সমষ্টিটোত কংগ্ৰেছৰ এয়াই প্ৰথমটো সভা।

সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰকাৰক সমালোচনা কৰি কয় বিটিচি উন্নয়ণৰ ধন হাগ্ৰামা মহিলাৰীয়ে খোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু হাগ্ৰামাই কৈছিল মই অকলে খোৱা নাই মুখ্যমন্ত্ৰীয়েও খায়। কিন্ত এতিয়া হাগ্ৰামা নাই গতিকে প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰীয়ে খাই থকা বুলি কয় ভূপেন বৰাই।

বিটিআৰৰ উন্নয়ণৰ ধন শৰাধ কৰি টকাৰ বিচনাত শুৱে বিজেপি-ইউপিপিএলৰ নেতা সকল । ইউপিপিএল-বিপিএফক হিমন্ত বিশ্বই পকেটত ভৰাই লৈছে । কোনোবাই কিবা অলপ হেৰফেৰ কৰিলেই ইডি,চিবিআই লগাব হিমন্তই। গতিকে হিমন্তই বিটিআৰত ভয় দেখুৱাই দুৰ্নীতিৰে ৰাজনীতি কৰা বুলি অভিযোগ কৰে ভূপেন বৰাই। আমি এই দুৰ্নীতি অবিচাৰৰ পৰা বিটিচিৰ ৰাইজক উদ্ধাৰৰ চেষ্টা কৰি আছো বুলিও কয় ভূপেন বৰাই।

কংগ্ৰেছৰ এই যোগদান অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ লগতে বিধায়ক জাকিৰ হুচেইন শিকদাৰ,প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰি,চিদলীৰ প্ৰাক্তন বিধায়ক আন্দ্ৰিয়াছ হাজোৱাৰী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সকল কন্দৰ্প দাস,জোতিৰ্ময় বৈশ্য,খলিলুৰ ৰহমান,গৰ্জন মুচাহাৰী,আনোৱাৰ আহমেদ, চিৰাং জিলা কংগ্ৰেছৰ পৰ্যবেক্ষক ৰমন ঝা,চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সঞ্জিৱ ৱেৰী উপস্থিত থাকে । অনুষ্ঠানত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

Exit mobile version