Comet Tsuchinshan-Atlas: ৮০ হেজাৰ বছৰৰ পাছত প্ৰত্যাৱৰ্তন ধূমকেতুৰ

ভাৰতৰ পৰাও দৃশ্যমান, কাহিলিপুৱাতে ছুচিনশ্বানে ভুমুকি মাৰে পূব আকাশত, ১২ অক্টোবৰৰ পাছত দেখিবলৈ পোৱা যাব পশ্চিম আকাশতো

DUMKETU 1

Comet Tsuchinshan-Atlas:

বহুতে ধূমকেতুক অমংগলৰ প্ৰতীক আখ্যা দিয়ে। সেয়া যিয়েই নহওক, বিগত কিছুদিনৰ পৰা ভাৰতকে ধৰি পৃথিৱীৰ বহু ঠাইৰ আকাশত দেখা দি আহিছে এটা ধূমকেতুৱে।

জ্যোতির্বিজ্ঞানীসকলৰ মতে, প্রতিদিনে সূর্য উদয়ৰ পূর্বে কাহিলিপুৱা পূবৰ আকাশত এই ধূমকেতু দৃশ্যমান হয়। যোৱা বছৰৰ ন জানুৱাৰীত চীনৰ জ্যোতির্বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এই ধূমকেতুৰ নাম ক’মেট চি/২০২৩ এ-৩ (ছুচিনশ্বান-এটলাছ) ৰখা হৈছে। চীনৰ জ্যোতির্বিজ্ঞানীসকলে ধূমকেতুটো আৱিষ্কাৰ কৰে ‘পার্পল মাউন্টেইন অৱজাৰভেটৰী’ৰ দূৰবীণৰে। ইয়াৰ এমাহৰ পাছত দক্ষিণ আফ্ৰিকাৰ জ্যোতির্বিজ্ঞানীসকলেও মহাকাশত ধূমকেতুটো ধৰা পেলায়। অৱশেষত বিগত কিছুদিনৰ পৰা এই ধমকেতু আকাশত দৃশ্যমান হ’বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ববাসীয়ে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিছে।

জ্যোতির্বিজ্ঞানীসকলৰ মতে ছুচিনশ্বান ধূমকেতুৱে ইয়াৰ পূৰ্বে শেষবাৰৰ বাবে ৮০ হেজাৰ বছৰ পূৰ্বে পৃথিৱীৰ আকাশত ভুমুকি মাৰিছিল।শেহতীয়াভাৱে পুনৰ ই আকাশত দৃশ্যমান হ’বলৈ ধৰিছে। তদুপৰি এই বছৰৰ ২৮ ছেপ্টেম্বৰত ধূমকেতুটোৱে ‘অনুসূৰ’ অৱস্থানত উপস্থিত হয়। অনুসূৰ হৈছে এটা মহাজাগতিক কায়ে সূর্যৰ পৰা সবাতোকৈ ওচৰত অৱস্থান কৰা অৱস্থা।

সম্প্রতি ছুচিনশ্বান ধূমকেতুৱে সূৰ্যৰ পৰা দূৰলৈ আঁতৰি যাবলৈ ধৰিছে। ফলত ই পৃথিৱীৰ পৰা বর্ধিত ৰূপত দৃশ্যমান হ’বলৈ ধৰিছে। আনহাতে, ভাৰতীয় জ্যোতির্বিজ্ঞানীসকলৰ মতে, বিগত কিছুদিন ধৰি ঘাইকৈ বাংগালুৰুৰ আকাশত এই ধূমকেতু দৃশ্যমান হৈছে। প্রতিদিনে নিচেই পুৱা বহু লোকে ধূমকেতুটো প্রত্যক্ষ কৰে। সেই সম্পর্কত জ্যোতি-পদার্থবিদ আৰ চি কাপুৰে সংবাদ মাধ্যমৰ আগত কয় যে ছুচিনশ্বান ধূমকেতু এক নির্দিষ্ট সময়ৰ মূৰে মূৰে পৃথিৱীৰ আকাশলৈ আহে।

অর্থাৎ এই ধূমকেতু সৌৰজগতৰ বাহিৰৰ পৰা অহা। যোৱা ২৮ ছেপ্টেম্বৰত ই ‘অনুসূৰ’ অৱস্থানত উপস্থিত হয় বাবে সূৰ্যৰ স’তে ইয়াৰ দূৰত্ব ৫৬০ লাখ কিলোমিটাৰ হয়। জ্যোতি-পদার্থবিদ কাপুৰৰ মতে, চলিত মাহৰ প্ৰথম কেইদিনমান ইয়াক আকাশত দেখা যাব। ইতিমধ্যে বাংগালুৰৰ একাংশ লোকে ধূমকেতুটো আকাশত প্রত্যক্ষ কৰি ইয়াৰ ফটোও তুলিছে।

গ্রহ-উপগ্রহ আদিৰ বিষয়ে অধ্যয়ন কৰি ভাল পোৱা দীপক চৌধুৰী নামৰ ২০ বছৰীয়া যুৱকজনে জনায় যে তেওঁ যোৱা ২৮ ছেপ্টেম্বৰৰ পুৱা পাঁচ বজাৰ পৰা ৫-৩০ বজাৰ ভিতৰত ধূমকেতুটোৰ ফটো তোলে। এই উদ্দেশ্যে উক্ত দিনা তেওঁ পুৱা ৪-৩০ বজাত শোৱাৰ পৰা উঠে। আকাশ সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ থকাৰ সুবাদত তেওঁ ডিএছএলআৰ কেমেৰাৰে ধূমকেতুটোৰ ফটো তোলাৰ লগতে এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হয়।

লক্ষ্যণীয়ভারে দীপকেই ধূমকেতুটোৰ ফটো তোলা প্রথমজন ভাৰতীয়ত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এই বিৰল অভিজ্ঞতা বর্ণনা কৰি দীপকে লগতে কয়, ‘এয়া হ’ল উল্লেখনীয় কৃতিত্ব। সম্ভৱতঃ ময়ে একমাত্ৰ ভাৰতীয় ব্যক্তি যি ধূমকেতুটোৰ ফটো তুলিছো।’ আনহাতে, জ্যোতি-পদার্থবিদ আৰ চি কাপুৰৰ মতে, সম্প্রতি পূব আকাশত দেখিবলৈ পোৱা এই ধূমকেতুক অহা ১২ অক্টোবৰৰ পাছত পশ্চিম আকাশত দেখিবলৈ পোৱা যাব।

সূর্যাস্তৰ পাছত ধূমকেতুটোক পশ্চিম আকাশত দেখিবলৈ পোৱা যাব। এনে অৱস্থাৰ সৃষ্টিৰ কাৰণ হৈছে ই ক্ৰমে পৃথিৱীৰ ওচৰৰে পাৰ হ’বলৈ ধৰিছে। কাপুৰৰ মতে, পশ্চিম আকাশত ধূমকেতুটোক খালী চকুৰেও দেখা যাব।

Exit mobile version