Guwahati Press Club is concerned about the harassment of journalists:
ৰাজ্যৰ এটি আগশাৰীৰ বৈদ্যুতিন সংবাদ মাধ্যম NB NEWS ৰ সাংবাদিক দৃতিৰাজ কলিতা আৰু প্ৰিয়ম শইকীয়াক কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনা গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টিগোচৰ হৈছে I বৃহস্পতিবাৰে কলাইগাওঁত বাতৰি সংগ্ৰহ কৰি থাকোতে এচাম দুৰ্বৃত্তই আক্ৰমণ কৰে দুয়োগৰাকী সাংবাদিকক I কৰ্তব্যৰত সাংবাদিকক এইধৰনে আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষী অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় I
শেহতীয়া ভাৱে ৰাজ্যত বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক কৈ গুৱাহাটী প্ৰেছ ক্লাবে উদ্বিগ্নতা প্ৰকাশ কৰে আৰু সাংবাদিকৰ সুৰক্ষাক লৈ চিন্তা ব্যক্ত কৰে I আইনৰ শাসন চলি থকা গণতান্ত্ৰিক দেশ এখনত এই ধৰণৰ সাংবাদিক আক্ৰমণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত পোনপটীয়া আঘাত I
এইক্ষেত্ৰত ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক সাংবাদিকৰ সুৰক্ষাৰ প্ৰতি উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনালো I লগতে দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰ দাবী জনালো I অতি শীঘ্ৰেই যদি উপযুক্ত ব্যৱস্থা লোৱা নহয় তেন্তে আমি গণতান্ত্ৰিক ভাৱে আন্দোলন কৰিবলৈ বাধ্য হম I