Inauguration of Golakganj Co-District in Dhubri District:ধুবুৰী জিলাৰ গোলকগঞ্জ সম-জিলা উদ্বোধন

golokganj

Inauguration of Golakganj Co-District in Dhubri District:

সুশাসন ব্যৱস্থাক অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যত প্ৰথম পৰ্যায়ত ৩৯খন সমজিলাৰ উদ্ঘাটন কাৰ্যসূচী সম্পন্ন হয় ৷ ধুবুৰী জিলাৰ গোলকগঞ্জ সম-জিলাৰ অন্তৰ্গত গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় প্ৰাংগনত শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন হয় গোলকগঞ্জ সম-জিলা ৷

শুভ উদ্বোধন কৰে সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে কয়,আজি উদ্বোধন হোৱা সম জিলাৰ জৰিয়তে এতিয়াৰ পৰা বিভিন্ন প্ৰশাসনিক কাম-কাজ, আঁচনিৰ দ্ৰুত ৰূপায়ণ, জনসংযোগ বৃদ্ধি আদি বিভিন্ন দিশৰ ফলপ্ৰসূ ত্বৰান্বিত কৰণ হ’ব। এই অভিনৱ প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

অনুষ্ঠানত গোলকগঞ্জ বিধান সভাৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰয় চৰকাৰ,ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ , সম-জিলা আয়ুক্ত জগদীশ ব্ৰক্ষ্ম সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

Exit mobile version