CM will launch the “Nijut Moina” initiative for students statewide tomorrow at Khanapara: কাইলৈ খানাপাৰাত মুখ্যমন্ত্ৰীৰ মইনা নিযুত মইনা আঁচনি শুভাৰম্ভ

আৰ্থিক অনুদান প্ৰদানৰ ৰাজ্যজোৰা কাৰ্যসূচীৰ গুৱাহাটী খানাপাৰা কেন্দ্ৰীয় অনুষ্ঠানস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

hbs 2

CM will launch the “Nijut Moina” initiative for students statewide tomorrow at Khanapara:

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা নামৰ এখন অভিলাষী আঁচনি হাতত লৈছে৷ দেওবাৰে এই অভিলাষী আঁচনিখন সমগ্ৰ ৰাজ্যতে শুভাৰম্ভণি কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ, কামৰূপ (মহানগৰ) আৰু মৰিগাঁও জিলাৰ ছাত্ৰীসকলক খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক অনুদান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,শিক্ষা মন্ত্ৰী ডা:ৰণোজ পেগু আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা।

আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ৷ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে মুখ্য সচিব ড: ৰবি কোটা ডিজিপি জিপি সিং আৰু বিশেষ ডিজিপি হৰমিত সিঙে ৷

উল্লেখ্য যে,ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ অধীনত ১০ লক্ষাধিক ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে ৷ প্ৰথম বছৰত উচ্চ শিক্ষাৰ ৫৭,৬৩৫ আৰু মাধ্যমিক শিক্ষাৰ ১,০১,৪৫৮ গৰাকীক দিয়া হ’ব আৰ্থিক অনুদান। ইয়াৰ বাবে চলিতবৰ্ষত চৰকাৰৰ ব্যয় হ’ব ২৪০ কোটি ৷ আনহাতে চলিতবৰ্ষৰ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন সংশ্লিষ্ট ছাত্ৰী সকলক ডিবিটি যোগে দিব ৰাজ্য চৰকাৰে।

Exit mobile version