Naxal Encounter in Chhattisgarh: চত্তীশগড়ত আৰক্ষীৰে সংঘৰ্ষত নিহত ৩২ জন নক্সালবাদী

উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

catisgarh 1

Naxal Encounter in Chhattisgarh:

ছত্তীশগড় আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰে মুখামুখি সংঘৰ্ষত নিহত ৩২জনকৈ নক্সালবাদী ৷ শুক্ৰবাৰে ছত্তীশগড় আৰক্ষীৰ বাষ্টাৰ ফাইটাৰ, এছটিএফ আৰু ডিআৰজিৰ সন্মিলিত ২৫০ জনীয়া বৃহৎ নিৰাপত্তা বাহিনীৰ দল এটাই বিশেষ খবৰৰ ভিত্তিত নাৰায়ণপুৰ আৰু দন্তেৱাড়া সীমান্তৱৰ্তী অঞ্চলত নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাই থাকোতে নক্সালবাদীৰ দল এটাই ধাৰাষাৰ গুলীবৰ্ষণ কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে বহু ঘন্টাধৰি গুলীবৰ্ষণ কৰে ৷ ফলত থিতাতে নিহত হয় ৩২ জন নক্সালবাদী৷ নিশাৰ পৰা শণিবাৰে পুৱালৈ নক্সালবাদীৰ লগত আৰক্ষীৰ গুলীয়াগুলী অব্যাহত থাকে ৷

নাৰায়ণপুৰ আৰু দন্তেৱাড়াৰ ঘন বনাঞ্চলত শণিবাৰে বিয়লি লৈকে তালাচী অভিযান চলাই আছে জোৱানসকলে। সন্দেহ কৰা মতে নক্সালবাদীৰ মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

উল্লেখ্য যে, শেহতীয়াকৈ ছত্তীশগড় আৰক্ষীৰ এছটিএফে নক্সালবাদীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ মাজতে আৰক্ষী বিশেষ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত সম্ভেদ পাইছিল যে,নাৰায়ণপুৰ আৰু দন্তেৱাড়াৰ ঘন বনাঞ্চল অন্তৰ্গত ইন্দ্ৰাৱতী নদীৰ সিপাৰে আবুঝমাদৰ গভীৰ অৰণ্যত নক্সালবাদীৰ বিশেষ মাণ্ডলিক গোটৰ ৬ নং বেটেলিয়ন কমাণ্ডাৰ কমলেশে বাহৰ পাতি থকাৰ কথা ৷

সেই অনুসৰি শুক্ৰবাৰে দুপৰীয়াভাগত ছত্তীশগড় আৰক্ষীৰ ২৫০ জনীয়া জোৱানৰ দলটোৱে মাদৰ অৰণ্যত অভিযানত নামি পৰে৷ সেই সময়ত দলটো সন্মুখীন হয় ৭০ জনীয়া সশস্ত্ৰ নক্সালবাদীৰ ৷ লগে লগে দুয়ো পক্ষৰ মাজতে গুলী বিনিময় হয় ৷ ইতিমধ্যেই পূৰ্ব পৰিকল্পিত ৰণনীতি অনুসৰি নিৰাপত্তা বাহিনীৰ বৃহৎ দলটোৱে নক্সালবাদী দলটোক চাৰিও দিশৰ পৰা ঘেৰাও কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে। দহঘন্টা জুৰি দুয়োপক্ষৰ মাজত চলে গুলীয়াগুলী

পিছত আৰক্ষীয়ে অভিযান চলাই সন্ধিয়া ভাগলৈকে ৩০ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে সংঘৰ্ষস্থলী স্থানৰ পৰা উদ্ধাৰ কৰে এ কে ফৰটি ছেভেন,এছএলআৰ সহ বহু অত্যাধুনিক মাৰাণস্ত্ৰ আৰু কেতবোৰ আপত্তিজনক কাগজপত্ৰ। ইপিনে ,শণিবাৰে বাষ্টৰৰ আই জি সুন্দৰৰাজ পিৰ মতে,আজি দুপৰীয়ালৈ নক্সালবাদীৰ মৃতকৰ সংখ্যা বৃদ্ধি পায় ৩২জনলৈ ৷

মনকৰিবলগীয়া যে,এই গোটেই অভিযানটোৰ নেতৃত্ব বহন কৰিছিল চত্তীশগড়ৰ দুজন তৰুণ আইপিএছ বিষয়া গৌৰৱ ৰায় আৰু প্ৰভাত কুমাৰে ৷ আনহাতে দুয়োজন বিষয়াক সহযোগ কৰিছিল তিনিজন অভিজ্ঞ এএছপি আৰু ডিএছপিয়ে ৷

আনহাতে শণিবাৰে চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য আৰু পৰৱৰ্তী ৰণনীতি সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ৷ নক্সালবাদৰ বিৰুদ্ধে সংঘটিত হোৱা এনকাউণ্টাৰ সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা হয় ৷ এজন শীৰ্ষ আই পি এছ বিষয়াই জানিব দিয়া মতে ,নক্সালবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থাকিব ৷

স্মতৰ্ৱ্য যে, চত্তীশগড়ত শাসনৰ বাঘজৰী বিজেপিয়ে লোৱাৰ পিছৰে পৰা নক্সালবাদীৰ অধ্যুষিত অঞ্চলত আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰা হৈছে ৷ ইতিপূৰ্বে এনে অভিযানত বহু সংখ্যক দুৰ্ধৰ্ষ নক্সালবাদী নিহত হোৱাৰ বিপৰীতে আন বহু সংখ্যক নক্সাালী মুল সূঁতিলৈ উভতি আহিছে ৷ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত ক্ৰমাৎ শক্তি হ্ৰাস পাইছে নক্সালবাদীৰ ৷

Exit mobile version