Who tops the list of the richest actors in the world?: বিশ্বৰ সবাতোকৈ ধনাঢ্য অভিনেতাৰ তালিকাত শীৰ্ষত কোন ?

rich actor

Who tops the list of the richest actors in the world?:

বিশ্বৰ সবাতোকৈ ধনাঢ্য অভিনেতাজন কোন? এই প্রশ্ন শুনিলে বহুতে ধাৰণা কৰে যে সবাতোকৈ ধনাঢ্য অভিনেতাজন টম ক্রুজ, শ্বাহৰুখ খান, ড্র’ভেন জনছন বা জনী ডেপ হ’ব।

কিন্তু আপুনি জানি আচৰিত হ’ব যে এইসকল তাৰকাৰ এজনো বিশ্বৰ সবাতোকৈ ধনাঢ্য অভিনেতা নহয়। দৰাচলতে বৰ্তমানৰ বিশ্বৰ সবাতোকৈ ধনাঢ্য অভিনেতাজন হৈছে টাইলৰ পেৰী। সম্প্রতি ধনাঢ্য অভিনেতাৰ তালিকাত প্রথম স্থানত থকা পেৰী এজন অভিনেতা হোৱাৰ লগতে প্রযোজক আৰু চিত্ৰনাট্যকাৰো।

ব্লুমব’র্গ, ফবৰ্ছৰ তথ্য অনুসৰি পেৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাত ১১০,৫০ কোটি টকা। পেৰী এখন হিট ছিৰিজৰ অভিনেতা হিচাপে পৰিচিত। বিশ্বৰ সবাতোকৈ ধনাঢ্য অভিনেতাৰ তালিকাত দ্বিতীয় স্থানত থকা জেৰী ছিলফিল্ডৰ মুঠ সম্পত্তিৰ পৰিমাণ এক বিলিয়ন ডলাৰ।

উল্লেখ্য যে জেৰী এজন কমেডিয়ান। তালিকাত তৃতীয় স্থানত থকা ড্রেভন জনছনৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৯০ নিযুত ডলাৰ। ইয়াৰ পাছত চতুর্থ স্থানত থকা বলিউড অভিনেতা শ্বাহৰুখ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮৭০ নিযুত ডলাৰ। পঞ্চম স্থানত থকা হলিউড অভিনেতা টম ক্রুজৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮০০ নিযুত ডলাৰ।

Exit mobile version