They erased the wall paintings painted to protect the Hoolok Gibbon monkeys the administration:হলৌ বান্দৰ ৰক্ষাৰ বাবে অঁকা ৱাল পেইটিং মচিলে প্ৰশাসনে !

ghy gibbon

They erased the wall paintings painted to protect the Hoolok Gibbon monkeys the administration:

হলৌ বান্দৰৰ বাবে বিখ্যাত মৰিয়ণিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত অভ্যন্তৰত চৰকাৰে তেল খননৰ বাবে বেদান্ত গ্ৰুপক দিয়াক লৈ সৰ্বত্ৰে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে

চৰকাৰৰ এই পদক্ষেপক বিৰোধীতা কৰি ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হোলোঙাপাৰ গিবনৰ সমীপৰ ৰাজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিছিল। শেহতীয়াকৈ হলৌ বান্দৰ ৰক্ষাৰ বাবে বেদান্ত গ্ৰুপক বাৰণ কৰিবলৈ অঁকা ৱাল পেইটিং মচিলে মহানগৰ প্ৰশাসনে

উল্লেখ্য যে মহানগৰীৰ গণেশগুৰি উৰণ সেঁতুৰ তলত ৱাল পেইটিং আঁকিছিল চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই । আনহাতে ৱাল পেইটিং মচি পেলোৱা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়,পৰিৱেশ সুৰক্ষাৰ বাবে ডাঙৰ ডাঙৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সহ্য কৰিব নোৱাৰে এইবোৰ কথা ! গিবনৰ সুৰক্ষাৰ বাবে গণেশগুৰিত জাতীয় যুৱ বাহিনীৰ সহযোগত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই অংকন কৰা ছবিখন মচি পেলালে প্ৰশাসনে। কোটি কোটি টকা খৰচ কৰি গছপুলি ৰোপন কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পৰিৱেশ সুৰক্ষাৰ প্ৰতি কিমান দায়বদ্ধ এইবোৰ কথাৰ পৰাই স্পষ্ট নহয়নে ?

Exit mobile version