Abnormal price increase of vegetables:অস্বাভাৱিক মূল্যবৃদ্ধিত ম্লান পূজাৰ আনন্দ-উল্লাস !

জনতাৰ আখলৰ জুই নুমুওৱাৰ উপক্ৰম ৬০-৭০ টকাৰ তলত নাই শাক-পাচলি, চৰকাৰ-প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ বিষয়া কুম্ভকর্ণ নিদ্রাত মগ্ন

vegetable 1

Abnormal price increase of vegetables:

শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ দইছে সাধাৰণ জনতাক। বিশেষকৈ পূজাৰ বতৰত শাক-পাচলিৰ আকাশলংগী মূল্যবৃদ্ধিত এসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ শ্ৰেণীৰ লোকসকলে।

অস্বাভাবিক মূল্যবৃদ্ধিত সাধাৰণ শ্রেণীৰ লোকৰ বাবে ম্লান হৈ পৰিছে শাৰদীয় বতৰৰ আনন্দ-উছাহ। দুর্গা পূজাৰ মাজতে বিশেষকৈ মহানগৰীৰ শাক-পাচলিৰ বজাৰসমূহত একপ্ৰকাৰ জুই লাগিছে কেৱল ধনীৰামসকলৰ বাবেহে বজাৰসমূহ সামগ্ৰীৰে উভৈনদী।

আজি গুৱাহাটী মহানগৰীত ৬০-৭০ টকাৰ তলত নাই কোনো শাক-পাচলি। দুই-তিনিদিন পূর্বে ৪০-৫০ টকাত উপলব্ধ প্রতি কিলোগ্রাম শাক- পাচলিৰ দাম এশ শতাংশ পর্যন্ত হঠাৎ বৃদ্ধি পোৱাত সাধাৰণ জনতাৰ আখলঘৰৰ জুই যেন উৎসৱৰ বতৰতো নির্বাপিত হৈ আছে।

‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, আজিৰ দিনটোত মহানগৰীৰ খুচুৰা বজাৰত বেংগলৰ পৰা আৰম্ভ কৰি শ্বিলঙৰ আলু ৩৫ টকাৰ পৰা ৬০ টকা দৰত বিক্ৰী হৈছে। একেদৰে প্ৰতি কিলোগ্রাম পিয়াঁজে ৭০-৮০ টকা মূল্য চুইছেগৈ।

অৱশ্যে ঠাই-ভেদে প্রতি কিলোগ্রাম শাক-পাচলিত পাঁচ-১০ টকা পর্যন্ত মূল্যৰ তাৰতম্য আছে। সেই অনুসৰি, আজিৰ দিনটোত মহানগৰীৰ খুচুৰা বজাৰত প্ৰতিকিলোগ্রাম বিলাহী ১১০ৰ পৰা ১২০ টকাত, নহৰু তিনিশৰ পৰা ৩২০ টকা, ডাঙৰ বেঙেনা ৭০-৮০ টকাত, সৰু বেঙেনা ৬০-৭০ টকাত, কোমোৰা এশ টকাত, তিয়হ (লোকেল) ১১০- ১২০ টকাত, পটল ৮০-৯০ টকাত, মূলা ৬০-৭০ টকাত, ৰঙালাও ৪০-৫০ টকাত, জাতিলাও ৫০-৬০ টকাত বিক্রী হৈছে।

একেদৰে প্রতি কিলোগ্রাম ফুলকবি ১৫০ টকাত, বন্ধাকবি ৫০ টকাত, ওলকবি ১২০ টকাত, স্কোৱাচ ৫০-৬০ টকাত, জিকা ৭০-৮০ টকাত, অমিতা ৪০-৫০ টকাত, ডাংবন্দী (লেচেৰা) ১৬০ টকাত, ভাত কেৰেলা ১১০-১২০ টকাত, তিতা কেৰেলা ১১০-১২০ টকাত, গাজৰ ১৮০-১৭০ টকাত, কেপচিকাম ২৩০-২৪০ টকাত, ফ্রেচবিন ১৬০-১৭০ টকাত, আদা ২৭০- ২৮০ টকাত, কেঁচা মটৰ ৩৩০-৩৫০ টকাৰ দৰত বিক্ৰী হৈছে।

এই মূল্যবৃদ্ধিৰ সন্দৰ্ভত খুচুৰা ব্যৱসায়ীসকলে পাইকাৰী মূল্য বৃদ্ধি পোৱাৰ ফলতে শাক-পাচলিৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি কয়। অস্বভাৱিক মূল্যবৃদ্ধিত সাধাৰণ জনতাই জলা-কলা খাই থকাৰ সময়তে পূজাৰ অচিলাবে এই অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জ্বলা জুইত ঘিউ ঢালি সাধাৰণ জনতাক উল্লেখ্য যে শাৰদীয় বতৰত অনিয়ন্ত্রিত হৈ পৰা শাক-পাচলিৰ বজাৰখনে বহুতকে চিন্তাত পেলালেও এই ক্ষেত্রত এসাঁজ খাবলৈ চিন্তাত পেলালে।

প্রশাসন তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগ কুম্ভকর্ণ নিদ্রাত মগ্ন। এই মূল্যবৃদ্ধিয়ে গৰিষ্ঠ সংখ্যক লোকক প্ৰভাৱিত কৰিছে যদিও এই ক্ষেত্ৰত কোনোধৰণৰ কাণ-সাৰ নাই সংশ্লিষ্ট বিভাগসমূহৰ। সংশ্লিষ্ট বিভাগসমূহৰ বৰমূৰীয়াসকলে পূজাৰ বন্ধত ক’ত যাব, ক’ত খাব ইত্যাদি চিন্তাত মগ্ন।

তদুপৰি এক শ্ৰেণীৰ জনতাই পূজাৰ আনন্দ-উল্লাসত মতলীয়া হৈ পৰিব যদিও এই মূল্যবৃদ্ধিয়ে আন এক শ্ৰেণীৰ জনতাৰ পূজাৰ আনন্দ-উল্লাস যে ম্লান কৰিব সেয়া নিশ্চিত। দৈনিক উপাৰ্জনৰে পৰিয়াল পোহপাল দি অহাৰ লগতে কম কম দৰমহাত নিজকে সংস্থাপিত কৰি ৰখা পৰিয়ালসমূহক এই মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে।

নাম প্রকাশত অনিশ্চুক পদপথৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰিয়ালে আজিৰ দিনত পৰিয়াল পোহপাল দিবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰি কয়, ‘আমাৰ পাঁচজনীয়া পৰিয়াল। দিনত যদি তিনি সাঁজ খাওঁ বুলি ভবা হয় দৈনিক ছশ-সাতশ টকা লাগে। দিনে গড়ে উপার্জন হয় পাঁচ-ছশ টকা। নিতৌ সকলো বস্তুৰ দাম বাঢ়িছে। ৫০-৫৫ টকাৰ তলত আজিৰ দিনত চাউল পাবলৈ নাই। পিঁয়াজ খাবলৈয়ে বাদ দিছো।

মাছ-মাংসতো বাদেই আজিৰ দিনত শাক-পাচলিৰ ওচৰলৈ যাবলৈও চিন্তা কৰিবলগীয়া হৈছে। আমাৰ দৰে সাধাৰণ পৰিয়াল কি দৰে চলিব। কেৱল খালেইতো নহ’ব, পৰিয়াল এটা চলিবলৈ অন্যান্য বহু খৰচ আছেই।’ উল্লেখ্য যে পূজাৰ বতৰত বিশেষকৈ শাক-পাচলিৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধিয়ে সমাজত বাৰুকৈয়ে প্রভান্বিত কৰিছে। যিয়ে ম্লান পেলাইছে পূজাৰ আনন্দ-উল্লাস।

Exit mobile version