What did Uddhav say after Congress’ failure in Haryana?হাৰিয়ানাত কংগ্ৰেছৰ ব্যৰ্থতাৰ পাছত কি ক’লে উদ্ধৱে?

udhab

What did Uddhav say after Congress’ failure in Haryana?

হাৰিয়ানা বিধানসভা নির্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত দলটোৰ বিৰুদ্ধে সৰৱ হৈছে ইণ্ডি মৰ্চাৰ সহযোগী। হাৰিয়ানাৰ পাছতে মহাৰাষ্ট্ৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰত কংগ্ৰেছৰ মৰ্চাৰ সংগী হৈছে এনচিপিৰ শাৰদ পাৱাৰ শিবিৰ আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে শিবিৰ। হাৰিয়ানাত কংগ্ৰেছৰ চৰম বিপৰ্যয়ৰ পাছত উদ্ভৱ শিবিৰৰ মুৰব্বী থাকৰে স্পষ্টভাৱে কয় যে এতিয়া মহাৰাষ্ট্ৰত কংগ্রেছে মুখ্যমন্ত্রী হিচাপে এজন নেতাৰ নাম ঘোষণা কৰা উচিত।

হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ৰ অন্যতম এক কাৰণ হৈছে ইণ্ডি মৰ্চাৰ সহযোগীৰ স’তে কংগ্ৰেছৰ সমন্বয়ৰ অভাৱ। ৰাজ্যখনত কমেও ১৪ সমষ্টিত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ হ’ল আম আদমী পার্টি, আইএনএলবি আৰু ক্ষুব্ধ নির্দলীয় প্রার্থী। ইণ্ডিয়া মৰ্চাৰ সহযোগীৰ মতে, কংগ্ৰেছৰ দাদাগিৰিৰ ফলত হাৰিয়ানাত দলটোৱে মুখ থেকেচা খালে।

হাৰিয়ানাৰ এই ফলাফলৰ প্ৰভাৱ মহাৰাষ্ট্ৰতো পৰিব বুলি শংকা ব্যক্ত কৰি কংগ্ৰেছক সতৰ্ক কৰিলে থাকৰে শিবিৰে। থাকৰেৰ মতে মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীৰ সহযোগীয়ে মুখ্যমন্ত্রীৰ নাম হিচাপে এজন নেতাক আনুষ্ঠানিকভাৱে প্ৰক্ষেপ কৰা উচিত ।

Exit mobile version