Banana-almond is a great sleep remedy:টোপনিৰ মহৌষধ কল-এলমণ্ড

BANANA

Banana-almond is a great sleep remedy:

টোপনি ভাল হ’লেহে সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি। এতিয়া প্রায়ভাগ লোকেই বিভিন্ন কাৰণত টোপনিৰ সমস্যাত আক্রান্ত হ’ব। যিমানেই টোপনিৰ সমস্যাত ভোগে সিমানেই বিভিন্ন ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে। সদায় ভাল টোপনিৰ বাবে সেইবাবে সকলোৱে সতর্কতা অবলম্বন কৰা উচিত। খাদ্য গ্ৰহণৰ পৰা আৰম্ভ কৰি শোৱালৈকে সকলো ক্ষেত্রতে গুৰুত্ব প্রদান কৰিব লাগে। মনত ৰখা উচিত যে টোপনিত ব্যাঘাত জন্মিলে মানসিকভাবে ভাৰসাম্যহীন হয়।

ভাল টোপনিৰ বাবে নিয়মীয়াকৈ কল খোৱা উচিত। ইয়াত শিকাৰী মেগনেছিয়াম আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। এই দুয়োবিধ উপাদান স্নায়ুতন্ত্র সজীৱ কৰি ৰখাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে কার্বোহাইড্রেট পোৱা যায়। শেহতীয়াভাবে গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে যিসকল লোকে নিয়মীয়াকৈ কল খায় তেওঁলোকৰ সহজে টোপনিৰ সমস্যা বা নিদ্রাহীনতাই সহজে গা কৰি উঠিব নোৱাৰে।

আজিকালি প্রায়ভাগ লোকেই কল খাব নোখোজে। কল খোৱাৰ পৰিৱৰ্তে ফাষ্ট ফুড, জাংক ফুড আদিহে খাই ভাল পায়। অথচ এইবোৰ বেছিকৈ খালে টোপনি আদিত ব্যাঘাতহে জন্মে। যিমানেই ফাষ্ট ফুড আদি খাব সিমানেই শৰীৰত বিভিন্ন ৰোগে খোপনি পুতিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে। যদিহে নিয়মীয়াকৈ নাখায় তথাপি সপ্তাহত চাৰি-পাঁচদিন কল খালেও উপকাৰ পোৱা যায়।

# কাঠবাদাম বা এলমণ্ড খালেও টোপনি ভাল হয়। ইয়াত ট্রিপ্টোফেন, মেগনেছিয়াম আদি থাকে বাবে টোপনি ভাল হয়। এইবোৰ উপাদানে মস্তিষ্কত আৰামদায়ক অনুভূতিৰ সৃষ্টি কৰে। এলমণ্ডত ফাইবাৰৰ পৰা আৰম্ভ কৰি চৰ্বি, ভিটামিন ই, মেগনেছিয়াম, মেংগানিজ, প্র’টিন, এন্টিঅক্সিডেন্ট, অপকাৰী ক’লেষ্টেৰল এল ডি এল আদি পোৱা যায়। সেইবাবে নিয়মীয়াকৈ খাব লাগে।

Exit mobile version