Columbus’ body found five hundred years later:পাঁচশ বছৰৰ পাছত কলম্বাছৰ নশ্বৰদেহ উদ্ধাৰ !

itali100

Columbus’ body found five hundred years later:

খ্ৰীষ্ট’ফাৰ কলম্বাছৰ নাম নুশুনা ব্যক্তি নাই বুলিবই পাৰি। ইটালীৰ এই নাবিকজনে আমেৰিকা মহাদেশত ইউৰোপীয় লোকৰ দ্বাৰা উপনিবেশ স্থাপনৰ পথ মুকলি কৰিছিল।

অৱশ্যে এদিন কলম্বাছ চিৰদিনৰ বাবে হেৰাই গৈছিল। তেওঁৰ মৃত্যুক লৈ বিভিন্ন কথা চর্চা হৈ আছিল। যষ্ঠদশ শতিকাত আৰম্ভ হোৱা এই চর্চা বর্তমানলৈ অব্যাহত আছে। অৱশ্যে এনে চর্চাৰ মাজতে একাংশ ফৰেনচিক বিজ্ঞানীয়ে দাবী কৰিছে যে ইতিহাস সৃষ্টিকাৰী এই নাবিকজনৰ নম্বৰদেহ স্পেইনৰ ছেভাইলস্থিত কেথেড্রেলত পোৱা গৈছে।

এই বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি তেওঁলোকে ডিএনএ বিশ্লেষণৰ জৰিয়তে নিশ্চিত হৈছে যে ছেভাইলৰ কেথেড্রেলত কলম্বাছৰ নম্বৰদেহৰ অৱশিষ্ট আছে। বিজ্ঞানীসকলৰ এই দাবীৰ লগে লগে এক পাঁচশ বছৰীয়া বহুসাৰো অৱসান ঘটিছে।

এই সম্পর্কত উক্ত ফৰেনচিক বিজ্ঞানীসকলৰ অন্যতম মিগুৱেল লৰেণ্টেই সংবাদ মাধ্যমৰ আগত কয়, ‘পূৰ্বৰে পৰা দাবী কৰি অহা হৈছিল যে ছেভাইলৰ কেথেড্রেলত কলম্বাছৰ নম্বৰদেহৰ অৱশিষ্ট থকা বুলি দাবী কৰা আছে।

সম্প্রতি অত্যাধুনিক প্রযুক্তি ব্যৱহাৰৰ জৰিয়তে এই দাবীৰ সত্যতা প্রমাণিত হ’ল।’ আনহাতে, চর্চা অনুসৰি স্পেইনৰ উক্ত কেথেড্রেল আছিল কলম্বাছৰ এক প্রিয় জিৰণি স্থান। ইতিহাসবিদ তথা তাত্ত্বিকসকলে এই কেথেড্রেলৰ সমাধিথলীত নাবিকজনৰ নশ্বৰদেহৰ অৱশিষ্ট আছে বুলি দাবী কৰি আহিছে।

তেওঁলোকৰ মতে, এই কেথেড্রেলতে তেওঁক সমাধিস্থ কৰা হৈছিল। অৱশেষত ডিএনএ বিশ্লেষণৰ জৰিয়তে উক্ত ফৰেনচিক বিজ্ঞানীৰ দলটোৱে প্রমাণ কৰে যে ছেভাইলৰ কেথেড্ৰেলত কলম্বাছৰ নম্বৰদেহ আছে।

ইয়াৰ সমাধিথলীত কলম্বাছৰৰ ভ্রাতৃ ডিয়েগো আৰু পুত্র হেবনান্দোকো সমাধিস্থ কৰা হৈছিল। গতিকে ফৰেনচিক বিজ্ঞানীৰ দলটোৰ বাবে ডিএনএ বিশ্লেষণ সহজ হৈ পৰে।

Exit mobile version