Branch officer arrested for taking bribe at Janata Bhawan:
ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিৰ্বাৰকৰ জালত পৰাৰ পিছতো শিকনি হোৱা নাই ঘোচখোৰৰ ৷
মহানগৰীৰ ৰাজধানীৰ বৰঘৰ জনতা ভৱনতে এতিয়া ঘোচখোৰৰ দুৰ্নীতিৰ বজাৰ। বুধবাৰে উৎকোচ লওঁতেই হাতেলোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা নামৰ আবকাৰী বিভাগৰ শাখা বিষয়াজন ৷
বাৰৰ অনুজ্ঞা পত্ৰ দিয়াৰ বাবদ এজন লোকৰ পৰা বিচাৰিছিল একলাখ টকা ৷ইতিমধ্যে চল্লিছ হেজাৰ টকা আগধন লোৱাৰ পাছত আজি ২৫ হেজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰকে আটক কৰে শাখা বিষয়াজনক ৷
জনতা ভৱনৰ ডি’ ব্লকৰ পৰা দুৰ্নীতি নিৰ্বাৰকে গ্ৰেপ্তাৰ কৰা ঘোচখোৰ পাৰ্থ হাজৰিকাক অধিক জেৰাৰ বাবে ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰকৰ হেড কোৱাটাৰলৈ নিয়া হৈছে ৷
উল্লেখ্য যে,পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷