Supreme Court is tough on election promises of free facilities:বিনামূলীয়া সা-সুবিধাৰ নির্বাচনী প্রতিশ্রুতিক লৈ কঠোৰ ন্যায়ালয়

কেন্দ্ৰীয় চৰকাৰ-নির্বাচনক আয়োগক জাননী 

eci 77

Supreme Court is tough on election promises of free facilities:

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে জয়লাভ কৰিলে – ভোটাৰক বিনামূলীয়া বিভিন্ন সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ তোলাটো এক অঘোষিত প্রতিযোগিতাত পৰিণত হৈছে। এনে প্রতিশ্রুতি তথা আশ্বাসৰ বিৰুদ্ধে কঠোৰ স্থিতি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু ন্যায়াধীশদ্বয় জে বি পৰিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ নির্বাচন আয়োগক জাননী জাৰি কৰে। এই জাননী জাৰি কৰাক লৈ ন্যায়ালয়ে কয় যে এনে প্রতিশ্রুতিয়ে ৰাজহুৱা পুঁজিৰ ওপৰত অগণিত বিত্তীয় বোজা বৃদ্ধি কৰে। তদুপৰি ভোট সংগ্ৰহৰ বাবে নিৰ্বাচনৰ আগতে দিয়া এনে প্রতিশ্রুতি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিশ্চয়তা প্রদানৰ কোনো ব্যৱস্থা নাই।

উল্লেখ্য যে অশ্বিনী উপাধ্যায় নামৰ এজন সচেতন ব্যক্তিয়ে বিষয়টোক লৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল। সেই আবেদনখনতো নিৰ্বাচনৰ আগতে দিয়া পূৰ্বৰ প্রতিশ্রুতি জয়লাভৰ পাছত কোনো ৰাজনৈতিক দলে কাৰ্যকৰী কৰাটোত নিশ্চয়তা নাই বুলি উল্লেখ কৰাৰ লগতে ৰাজহুৱা পুঁজিৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে বুলি উল্লেখ কৰিছিল।

সেয়েহে আবেদনখনত এনে ধৰণৰ ‘সস্তীয়া জনপ্রিয়তা অর্জন’ৰ প্রতিশ্রুতি প্রদান নিষিদ্ধ কৰিব লাগে বুলিও উল্লেখ কৰা হৈছে। তদুপৰি উল্লেখ কৰা হৈছে যে বিনামূলীয়া সা-সুবিধা প্ৰদানৰ প্ৰতিশ্রুতি ভোটাৰক প্রলোভিত কৰিব বিচৰাৰ বাদে আন একো নহয়। এই ধৰণৰ কাৰ্যই নির্বাচনী ব্যৱস্থাটোৰ স্বচ্ছতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়। সংবিধানৰ গণতান্ত্রিক মূল্যবোধতো ই আঘাত হানে। এই ধৰণৰ কাৰ্য ভোটাৰক উৎকোচ দিয়াৰ লেখীয়া বুলিও আবেদনত উল্লেখ কৰা হৈছে।

Exit mobile version