Increase the population by having more children:অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি কৰক !

এখৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুকলি আহ্বান

cb naidu

Increase the population by having more children:

অন্ধ্ৰ প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৱে এইবাৰ নিজ ৰাজ্যৰ জনতাক অধিক সন্তান জন্ম দি জনসংখা বৃদ্ধিত অৰিহণা যোগাবলৈ আহ্বান জনাইছিল। মুখ্যমন্ত্রী নাইডুৰ এই আহ্বানক লৈ বর্তমানেও দেশে-বিদেশে চর্চা অব্যাহত আছে।

লক্ষ্যণীয় যে দক্ষিণ ভাৰতৰ ৰাজ্য সমূহত শেহতীয়াকৈ জনসংখ্যা হ্রাস পাবলৈ ধৰিছে। আনকি একাংশ ৰাজ্যত এনে অৱস্থা হৈছে যে কিছু বছৰৰ পাছত কমবয়সীয়া লোকতকৈ বয়স্ক ব্যক্তিৰ সংখ্যা অধিক হোৱাৰ সম্ভৱনা আছে।

অন্ধ্র প্রদেশৰ ক্ষেত্রতো এনে সম্ভাৱনা বৃদ্ধি পাইছে গতিকে নাইডুৰ আহ্বানক নৈ চৰ্চা অব্যাহত আছে। লক্ষণীয় যে পূর্বে অন্ধ্ৰ প্রদেশত জনসংখ্যা নিয়ন্ত্রণৰ উদ্যোগ লৈছিল ৰাজ্য চৰকাৰে ইয়াৰ আধাৰত চৰকাৰে এক দুই সন্তান নীতি বলবৎ কৰিছিল।
এই নীতি অনুসৰি দুটাতকৈ অধিক সন্তানৰ পিতৃ-মাতৃয়ে পঞ্চায়তৰ নির্বাচনত অৱতীর্ণ হ’ব নোৱাৰিছিল। ইয়াৰ ফলত জনসংখ্য হ্রাস পাবলৈ ধৰা বুলি নাইডু চৰকাৰে বিবেচন কৰিছে। চৰকাৰ খনৰ মতে, অন্ধ্র প্রদেশত কমবয়সীয়া লোকতকৈ বয়স্ক লোকৰ সংখ্য বৃদ্ধিৰ সম্ভাৱনাও প্রকট হৈছে।

সেয়েহে মুখ্যমন্ত্রী নাইডুৱে ৰাজ্যখনৰ বিবাহিত দম্পতীসকলক অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি কৰিবলৈ মুকলি আহ্বান জনাইছিল। লক্ষ্যণীয় যে অধিক সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি নীতিত সফল হৈছে দ্বীপ ৰাষ্ট্ৰ জাপান। শেহতীয়াভাৱে বিশ্বৰ একাংশ উন্নত বা চহকী দেশে জাপানৰ এই নীতিৰ অনুসৰণ কৰিবলৈ লৈছে।

Exit mobile version