Arrest warrant issued against Sheikh Hasina:শ্বেখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

বাংলাদেশলৈ প্ৰত্যাৱৰ্তনৰ সময়সীমা বান্ধিলে আন্তর্জাতিক অপৰাধ ট্রাইবুনেলে

sheikh hasina

Arrest warrant issued against Sheikh Hasina:

যোৱা আঠ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হৈছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। প্রধানমন্ত্রী পদ ত্যাগ কৰি হাছিনাই ভাৰতত আশ্রয় গ্রহণ কৰিছিল।

হাছিনাৰ পলায়নৰ পাছত বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তী চৰকাৰ গঠন হ’ল। এইবাৰ পলাতক হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে আন্তর্জাতিক অপৰাধ ট্রাইবুনেলে।

হাছিনাক নিজ দেশলৈ উভতি যোৱাৰ বাবে বান্ধি দিয়া হ’ল সময়সীমা। ইফালে অন্তৱৰ্তী চৰকাৰে হাছিনাৰ বিৰুদ্ধে এটাৰ পাছত আনটো গোচৰ ৰুজু কৰিছে। সূত্ৰৰ খবৰ অনুসৰি একাধিক গণহত্যাৰ গোচৰসহ হাছিনাৰ বিৰুদ্ধে বর্তমানলৈকে শতাধিক গোচৰ ৰুজু কৰা হৈছে।

আন্তর্জাতিক অপৰাধ ট্রাইবুনেলে হাছিনাক অহা ১৮ নৱেম্বৰৰ ভিতৰত বাংলাদেশলৈ প্রত্যাবর্তন কৰা আৰু ট্রাইবুনেলত উপস্থিত হোৱাৰ নিৰ্দেশ দিলে। দুটা পৃথক আবেদনৰ প্ৰেক্ষাপটত হাছিনা আৰু উবাইদুল কাদেৰসহ ৪৬ জনৰ বিৰুদ্ধে আন্তর্জাতিক অপৰাধ ট্রাইবুনেলে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে।

Exit mobile version