Raw agent Vikas Yadav is involved in the murder of Khalistani leader Gurpatwant Singh Pannun:এফ বি আই খালিস্তানী নেতা গুৰপটৱন্ত সিং পান্নুনৰ হত্যাৰে জড়িত Raw এজেণ্ট বিকাশ যাদৱ:আমেৰিকা

ম'ষ্ট ৱান্টেড ঘোষণা আমেৰিকান চোৰাংচোৱা সংস্থা FBIৰ, বিকাশ যাদৱৰ পোষ্টাৰ জাৰি এফবিআইৰ

usa 1 1

Raw agent Vikas Yadav is involved in the murder of Khalistani leader Gurpatwant Singh Pannun:

ভাৰত চৰকাৰৰ নিষিদ্ধ ঘোষিত সংগঠন শিখ ফৰ জাষ্টিছৰ নেতা তথা আমেৰিকান নাগৰিক গুৰপতৱন্ত পান্নুনক হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল এজন ৰ’ বিষয়া। এই গুৰুতৰ অভিযোগ মাৰ্কিন গুপ্তচৰ সন্থা এফ বি আইৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত বিচ্ছিন্নতাবাদী শিখ আমেৰিকান নাগৰিক গুৰপতৱন্ত পান্নুনক হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল ৰ’ৰ বিষয়া বিকাশ যাদৱ ৷ ইতিমধ্যে ম’ষ্ট ৱান্টেড ঘোষণা আমেৰিকান চোৰাংচোৱা সংস্থা FBIৰ । আনকি বিকাশ যাদৱৰ পোষ্টাৰ জাৰি কৰিছে এফবিআই-এ ৷

উল্লেখ্য যে বৃহস্পতিবাৰে নিউয়ৰ্কৰ এখন আদালতত ফেডাৰেল প্ৰচিকিউটৰসকলে অভিযোগ উত্থাপন কৰি কয়,বিকাশ যাদৱে পান্নুনক হত্যাৰ বাবে ১ লাখ ডলাৰত ঠিক কৰিছিল ছুপাৰি কিলাৰ। বিকাশ যাদৱক কেবিনেট সচিবালয়ে নিযুক্তি দিয়া বুলি অভিযোগ কৰা হৈছে।

মনকৰিবলগীয়া যে,যাদৱক তিনিটা গোচৰত অভিযুক্ত কৰিছে এফবিআই-এ ৷ ইয়াৰ ভিতৰত আছে হত্যাৰ বাবে ভাৰাতীয় নিযুক্ত কৰা আৰু ধন সৰবৰাহৰ ষড়যন্ত্ৰ

আনহাতে এফ বি আইৰ এই অভিযোগ একেমুখে নাকচ কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে ৷ মন্ত্ৰালয়ে কয়,ভাৰতৰ হৈ কাম নকৰে বিকাশ যাদৱে ৷ তেওঁ ৰ’ৰ বিষয়া নহয় ৷

শিখ আমেৰিকান নাগৰিক গুৰপতৱন্ত পান্নুনক হত্যাক কেন্দ্ৰ কৰি ভাৰতৰে আমেৰিকাৰ কুটনৈতিক সম্বন্ধত ফাঁট মেলাৰ আশংকা কৰিছে সচেতন মহলে ৷

Exit mobile version