Visa will not be required for travel to Dubai:ভাৰতীয় নাগৰিকৰ বাবে বিশেষ সুবিধা প্ৰদান ইউএ ইৰ

ডুবাই ভ্ৰমণৰ বাবে প্রয়োজন নহ'ব ভিছাৰ

dubai visa

Visa will not be required for travel to Dubai:

সংযুক্ত আৰব আমিৰাত ভ্ৰমণ কৰিব বিচৰা ভাৰতীয় নাগৰিকৰ বাবে সুখবৰ। এতিয়াৰে পৰা ডুবাইসহ অন্যান্য চহৰ ভ্ৰমণৰ বাবে ভিছা বিচাৰি ভাৰতীয় নাগৰিকে হাহাকাৰ কৰিব নালাগিব। ভাৰতীয় নাগৰিকে ডুবাই ভ্ৰমণৰ বাবে এতিয়াৰে পৰা ভিছা অন এৰাইভেল সুবিধা লাভ কৰিব।

সংযুক্ত আৰব আমিৰাতৰ ভাৰতীয় উচ্চাযুক্তই এই তথ্য সদৰী কৰি জনোৱা অনুসৰি ভাৰতীয় নাগৰিক আৰু পৰিয়ালৰ সদস্যৰ যদি সাধাৰণ পাৰপত্ৰ থাকে, তেন্তে উক্ত ব্যক্তিয়ে ডুবাইত প্ৰৱেশ কৰাৰ পাছতে প্রয়োজনীয় ভিছা লাভ কৰিব। এই ভিছা ১৪ দিনৰ বাবে বৈধ হ’ব আৰু প্রয়োজনীয়তা অনুসৰি ভিছাৰ ম্যাদ কিছুদিনৰ বাবে বৃদ্ধি কৰাৰ সুবিধা থাকিব।

অৱশ্যে আমেৰিকা, ব্রিটেইন বা ইউৰোপীয় সংঘৰ দ্বাৰা জাৰি কৰা কমেও ছমাহৰ বৈধতা থকা ভিছা, নিবাস বা গ্রীণ কার্ডধাৰী ভাৰতীয়ই ডুবাইত ভিছা অন এৰাইভেলৰ সুবিধা লাভ কৰিব।

Exit mobile version