Assam State Bjp:কংগ্ৰেছ দল এতিয়া আভ্যন্তৰীণ সংঘাত জৰ্জৰিত: অসম প্রদেশ বিজেপি

rupam

Assam State Bjp:

কংগ্ৰেছ দলৰ নেতাসকলৰ নিজৰ মাজতেই একতা নাই অথচ তেওঁলোকে অসমৰ বিৰোধী দলসমূহক বিজেপি দলৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ’বলৈ বিৰোধী ঐক্য গঠন কৰে! এয়া অকল হাস্যকৰে নহয় লজ্জাজনকো। শেহতীয়াকৈ বিহালী উপ নির্বাচনৰ ক্ষেত্ৰত দলটোৰ আভ্যন্তৰত দেখা দিয়া প্রার্থীত্বকেন্দ্রিক সংঘাতে এনেকুৱা প্রতিচ্ছবি এখনকে প্রতিফলিত কৰিছে।

উক্ত সমষ্টিত বিশেষকৈ প্রদেশ কংগ্ৰেছৰ সভাপতি আৰু এগৰাকী সাংসদৰ মাজত প্রার্থীত্বকেন্দ্রিক সংঘাত দেখা দিয়াটো এতিয়া জলজল পটপট হৈ পৰিছে। প্রদেশ কংগ্ৰেছক উদ্দেশ্যি এই মন্তব্য ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্র ৰূপম গোস্বামীৰ।

আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মুখপাত্ৰ গৰাকীয়ে কয়, বিৰোধী ঐক্যৰ নামত এজন প্রার্থীক তেওঁলোকে প্রক্ষেপ কৰাৰ চিন্তা কৰিছিল যদিও তেওঁলোকৰ দলৰ নেতৃত্বৰ মাজত এতিয়া খোৱাকামোৰা লাগিছে। কংগ্রেছ দলেহে বিহালী সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব বুলি এতিয়া খবৰ ওলাইছে। প্রকৃততে এই কথাটোৱেই প্রমাণ কৰিছে যে ক্ষমতালিপ্স কংগ্ৰেছ দল ক্ষমতাত নাথাকিলেও তেওঁলোকৰ ভিতৰভাগত ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰি অন্ত নপৰে।

গোস্বামীয়ে পুনৰাই কয়, অকল প্রার্থীত্বকেন্দ্রিক সংঘাতেই নহয়, কংগ্ৰেছ দলটো চূড়ান্ত দুর্নীতি, অনিয়ম আৰু স্বজন তোষণৰেও পৰিৱেষ্টিত। ধুবুৰীৰ সাংসদ তথা চামুগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ শেহতীয়া বক্তব্যই এই কথা পুনৰবাৰ প্ৰমাণিত কৰিছে। ৰকিবুল হুছেইনে চামুগুৰিত নিজৰ পুত্ৰৰ নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ চৰকাৰৰ সময়ত প্রতিটো পঞ্চায়তত এশজনকৈ নিবনুৱাক চৰকাৰী চাকৰি দিয়া বুলি মন্তব্য কৰিছিল। এই কথাটোৱে প্রমাণিত কৰে যে কংগ্ৰেছৰ দিনত দুর্নীতি, অনিয়ম আৰু স্বজন তোষণৰ জৰিয়তে চৰকাৰী চাকৰি দিয়া হৈছিল।

কিন্তু তাৰ বিপৰীতে বৰ্তমানৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে মেধাৰ ভিত্তিত চাকৰি দিয়াটো সর্বজনবিদিত। বিজেপি বিৰোধী সাত শতৰুৱেও আজি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিকা পদ্ধতি গ্রহণ কৰিছে। তাৰ বিপৰীতে এতিয়া ৰকিবুল হুছেইনে নিজ দলৰ চৰকাৰৰ দুৰ্নীতৰ কথা নিজেই ফাদিল কৰিছে।

ৰূপম গোস্বামীয়ে কয়, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা যেতিয়া সংখ্যালঘু এলেকালৈ যায় তেতিয়া তেওঁৰ বক্তব্য অতি বলিষ্ঠ হোৱা দেখা যায়। মিঞা ভোটবেংকৰ স্বাৰ্থত ভূপেন বৰাই সংখ্যালঘু এলেকাত গৈ মূলা গাভৰু, কুশল কোঁৱৰ, মণিৰাম দেৱান, ভোগশ্বৰী ফুকননী হয়। কিন্তু খিলঞ্জীয়া মানুহৰ পক্ষত তেওঁ কেতিয়াও এনেকুৱা শব্দ ব্যৱহাৰ কৰা দেখা নাযায়।

একমাত্র মিঞা সম্প্ৰদায়ৰ লোকসকলক ৰক্ষা কৰিবলৈহে কংগ্ৰেছ দলটো যে আছে ভূপেন বৰাই তাকে বাৰে বাৰে প্ৰমাণ কৰিছে। চাৰিবছৰমান পূর্বে তেওঁ গৰুখুটীত অবৈধ উচ্ছেদ চলোৱাৰ বিৰোধিতা কৰি নিজৰ চাৰ্ট ফালিছিল। অবৈধ বেদখলকাৰী, আগ্রাসনকাৰীসকলৰ পক্ষত ভূপেন বৰাই সদায় মাত মাতি আহিছে।

কিন্তু ভূপেন বৰা কেতিয়াও খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মণিৰাম দেৱান, মূলা গাভৰু হ’বলৈ নাযায়। একমাত্র আগ্রাসনকাৰী সকলৰ পক্ষতহে এই অৱস্থান গ্রহণ কৰি অহা দেখা যায়। এয়াই ভূপেন বৰা আৰু কংগ্ৰেছ নেতা সকলৰ আগ্রাসনকাৰী সকলৰ পক্ষত থকা প্রেম।

Exit mobile version