BJP wins more votes in Jammu and Kashmir elections:
জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচনত নেচনেল কনফাৰেন্স-কংগ্ৰেছ মৰ্চাই ক্ষমতা দখল কৰিলে। কংগ্ৰেছৰ ছয় আসনসহ নেচনেল কনফাৰেন্সে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিলে।
আনহাতে, এই নির্বাচনত ২৯ সমষ্টি দখলৰে দ্বিতীয় স্থান লাভ কৰিলে বিজেপিয়ে। নেচনেল কনফাৰেন্সে সর্বাধিক সংখ্যক আসন লাভ কৰিলে যদিও মুঠ ভোটলাভৰ ক্ষেত্ৰত ফাৰুক আব্দুল্লা নেতৃত্বাধীন দলটোৱে দ্বিতীয় স্থানহে লাভ কৰিলে।
আনহাতে, বিজেপিয়ে আসন জয়ত দ্বিতীয় স্থান লাভ কৰিলেও জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ সর্বশ্রেষ্ঠ পাৰদৰ্শিতা প্রদর্শন কৰিলে। বিজেপিয়ে ৰাজ্যখনৰ ৯০ সমষ্টিৰ ২৯ টা দখল কৰাৰ লগতে সর্বাধিক ২৫.৬৪ শতাংশ ভোট লাভৰে আন এক কৃতিত্ব অর্জন কৰিলে।
মুঠ ভোট লাভৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা নেচনেল কনফাৰেন্সে লাভ কৰিলে ২৩.৪৩ শতাংশ ভোট। সংখ্যাৰ হিচাপত বিজেপিয়ে ১৪,৬২,২২৫ আৰু নেচনেল কনফাৰেন্সে ১৩,৩৬,১৪৭ টা ভোট লাভ কৰে । কংগ্ৰেছে লাভ কৰিলে মুঠ ভোটৰ ১১.৯৭ শতাংশ। আনহাতে, পিডিপিয়ে এই নির্বাচনত মাত্র ৮.৮৭ শতাংশ ভোট লাভ কৰে।





























