China’s Garlic:চীনৰ নহৰুৱে দখল কৰিছে অসমৰ বজাৰ

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ

dhing bazar foto

China’s Garlic:

চীনৰ নহৰুৱে ভৰি পৰিছে নগাওঁ জিলাৰ বিভিন্ন বজাৰ । প্ৰতি কিলো চীনা নহৰু খুচুৰা বজাৰত ২৮০ টকাৰ পৰা ৩০০ টকা দৰত বিক্ৰী হৈছে ।

একাংশ ব্যৱসায়ীয়ে মেঘালয়ৰ পৰা দৈনিক সৰবৰাহ কৰিছে চীনত উৎপাদিত এই সমুহ নহৰু । চীনত উৎপাদিত এইসমুহ নহৰু স্বাস্থ্যৰ বাবে কিমান উপযোগী বা হানিকাৰক সেই বিষয়ে জ্ঞাত নোহোৱাকৈ অবাধে বজাৰত বিক্ৰী হৈ আছে চীনা নহৰু ।

বিশেষকৈ নগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ ধিঙৰ লগতে দাঁতিকাষৰীয়া প্ৰায়বোৰ বজাৰত এতিয়া সুলভ হৈ পৰিছে চীনা নহৰু । কিন্তু এইক্ষেত্ৰত কাণষাৰ নাই ৰাজ্য চৰকাৰৰ বিয়াগোম যোগান বিভাগৰ । যাৰ সুযোগ লৈছে একাংশ অসাধু ব্যৱসায়ীয়ে

Exit mobile version