High voltage by-election in Samguri: চামগুৰিৰ হাই ভল্টেজ উপ-নিৰ্বাচন

২৪ অক্টোবৰত মনোনয়ন পত্ৰ দাখিল কৰিব ৰকিবুল হুছেইন তনয় তানজিল হুছেইনে

tanjil hussain

High voltage by-election in Samguri:

পৰিয়ালবাদক অগ্ৰাধিকাৰ দি নিজ পুত্ৰক ৰাজনৈতিক সংস্থাপিত কৰিবলৈ সক্ষম হ’ল ৰাজ্যিক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন

চামগুৰি বিধানসভা সমষ্টিত সাংসদ গৰাকীৰ পুত্ৰ তানজিল হুছেইনে কংগ্ৰেছৰ টিকট লাভ কৰাৰ পিছতে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ

ইতিমধ্যে টিকট লাভ কৰাৰ পিছতে দলীয় নেতৃত্বৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে তৰুণ ৰাজনীতিক গৰাকীয়ে ৷ বৰ্তমান এনএছইউআই ৰাষ্ট্ৰীয় সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা তানজিল হুছেইনে মনোনয়ন দাখিল কৰিব ২৪ অক্টোবৰত ।

মনোনয়ন দাখিল পৰ্বত তানজিলক সংগ দিব পিতৃ ৰকিবুল হুছেইন,এপিচিচিৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং,ভূপেন বৰা,বিৰোধী দলপতি দেবব্ৰত শইকীয়া,সাংসদদ্বয় গৌৰৱ গগৈ,প্ৰদ্যুৎ বৰদলৈ সহ কে’বা গৰাকী বিধায়কে ৷

উল্লেখ্য যে,সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক । আনহাতে প্ৰাপ্ত খবৰ অনুসৰি সমষ্টিটোত এআইইউডিএফেও নিক্ষেপ কৰিব প্ৰাৰ্থী ৷

Exit mobile version