Pottery artists are busy making clay candles in Hirapara:পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হীৰাপাৰাত মাটিৰ চাকি নির্মাণত ব্যস্ত মৃৎ শিল্পী

canddle

Pottery artists are busy making clay candles in Hirapara:

নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম নলবাৰীৰ কুলবিল হীৰাপাৰা চুবুৰিৰ মৃৎশিল্পী সকলে সম্প্রতি সমাগত পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে মাটিৰ চাকি নির্মাণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

শ-শ বছৰৰ পৰা বুঢ়াদিয়া নদীৰ পাৰত ৬০টা পৰিয়ালক লৈ হীৰাপাৰা চুবুৰিটোত মৃৎ শিল্পৰ সভ্যতাৰ ইতিহাস পোরা যায়। মাটিৰ-বাচন বৰ্তনৰ প্ৰয়োজনীয়তাক কুলবিল হীৰাপাৰাৰ পৰা পূৰণ হৈ আহিছে। চামতাৰ কুলবিল হীৰাপাৰাত যদিও হীৰা সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি আহিছে আৰু হীৰা মাটিৰে বনোৱা বাচন-বর্তন তৈয়াৰ কৰি জীৱিকাৰ সন্ধান উলিয়াই লৈছে যদিও বৃহত্তৰ পশ্চিম নলবাৰীত হীৰা মাটি পোৱা নাযায়।

সেয়েহে কুলবিল হীৰাপাৰাৰ উপৰি নলবাৰী জিলাখনৰ হীৰা সম্প্ৰদায়ৰ লোকসকলে মৃৎ মাটি আন ঠাইৰ পৰা ক্ৰয় কৰি আনিব লাগে। নলবাৰী জিলাৰ মাটি মৃৎ শিল্পৰ বাচন-বর্তন নির্মাণৰ বাবে উপযুক্ত নহয়। সেয়েহে মৰিগাঁৱৰ বিশৰ দাঁতিৰ পৰা ক্রয় কৰিব লাগে।

মুকালমুৱাৰ দৰংগীপৰা, চামতা কুলবিলৰ হীৰাপাৰা, কৈহাটীত মৃৎ শিল্পৰ লগত জড়িত লোক আছে। এই মৃৎশিল্পৰ লগত জড়িত সকলৰ লোকসকলে একেলগে ট্রাক হিচাপত মৃৎ মাটি ক্ৰয় কৰি আনে। শিল্পীসকলে জনোৱা মতে, এখন ট্রাকৰ মৃৎ মাটিৰ দাম ২২-২৫ হেজাৰ টকা। সেয়েহে মৃৎশিল্পীসকলক বছৰেকত কিমান মৃৎ মাটিৰ প্রয়োজন তাৰ হিচাপ কৰি হীৰা সম্প্ৰদায়ৰ লোকসকলেও মাটিৰ পৰিমাণৰ ওপৰত টকা দিব লগা হয়।

উক্ত মৃৎ মাটি আনি হীৰা সম্প্রদায়ৰ লোকসকলে নিজৰ ঘৰৰ এঠাইত মাটিৰ তলত পুতি থয়। শেহতীয়াকৈ কুলবিল হীৰাপাৰাৰ মৃৎ শিল্প কৰ্মৰ লগত জড়িতসকলে পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে পাঁচ লাখ মাটিৰ চাকি নির্মাণত লাগি পৰিছে। হীৰাপাৰাৰ পুৰুষ, মহিলা, ঘৰৰ ল’ৰা-ছোৱালীসকলেও লক্ষ্যত উপনীত হোৱাৰ বাবে দিন-বাতি একাকাৰ কৰিছে।

কুলবিল হীৰাপাৰাৰ একাংশ মৃৎ শিল্পীয়ে জনোৱা মতে, নলবাৰী জিলাৰ পূৱ কালাকুছি, চৰিয়া, হীৰাপাৰাৰ একাংশ মৃৎ শিল্পৰ লগত জড়িত শিল্পীসকলৰ ভিতৰত মাইকন দাস, অকন দাস, অঞ্জলি দাস, মাইকন দাস, জয়ৰাম দাস, নিলকান্ত দাস, সূর্য দাস, ধৰ্মেশ্বৰ দাস, হেমন্ত দাস, অতুল দাস, অর্জুন দাস, বাসন্তী দাসে জানিব দি কয় যে হীৰাপাৰাৰ মৃৎ শিল্পৰ লগত জড়িতসকলৰ কোনো আধুনিকভাবে নির্মিত ‘জাত’ নাই।

সেয়েহে হাতেৰে মাটিৰ বাচন-বর্তন, চাকি আদি তৈয়াৰ কৰিব লাগে। যাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। সেইদৰে বতৰ ফৰকাল হ’লে মাটিৰে নিৰ্মিত বাচন বর্তনসমূহ ৰ’দত শুকাব পাৰিলে ভাল। ৰ’দত শুকাই লোৱা বাচন- বৰ্তনসমূহ বজাৰত উলিয়াই দিয়াৰ বাবে শেষ পর্যায়ত শুকান খেৰ, খৰি, গৰুৰ গোবৰৰ ভিতৰত সোমাই ইটাভাটাৰ দৰে পোৰা হয়।

দুই-তিনিদিন পাছত বাচন-বৰ্তনসমূহ বজাৰত নিব পৰা হয়। হীৰাপাৰাৰ হীৰা সম্প্ৰদায়ৰ মহিলাসকলে মৃৎ শিল্পৰ বাচন-বর্তন নিৰ্মাণৰ কামত নিপুণ। পুৰুষসকল মৃৎ বাচন-বর্তন বজাৰত নিয়াৰ কামত জড়িত থাকে। ইতিমধ্যে কুলবিল হীৰাপাৰাত লক্ষাধিক মাটিৰ চাকি তৈয়াৰ হৈ উঠিছে। আনহাতে, অঞ্চলটোৰ বিভিন্ন বজাৰত কুলবিল হীৰাপাৰাৰ মাটিৰ চাকিয়ে বজাৰো দখল কৰিছে।

Exit mobile version