Aap Protest In Guwahati:আপৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ

মূল্যবৃদ্ধি ৰোধ, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত শতাধিক আপ কৰ্মীৰ বিক্ষোভ

AAP 101

Aap Protest In Guwahati:

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ জনতাৰ ওপৰত চৰকাৰে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে আজি মহানগৰীৰ গণেশগুৰি চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আম আদমী পাৰ্টিয়ে। আপৰ যুৱ শক্তিৰ আহ্বানত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে গণেশগুৰিৰ পৰা সমদল কৰি দিছপুৰ অভিমুখে যাব বিচৰাত আৰক্ষীয়ে বাধা দিয়ে। তদুপৰি আৰক্ষীয়ে আপৰ দাবী সম্বলিত বেনাৰ কাঢ়ি নিব বিচৰাৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে আপৰ নেতা-কৰ্মী সকলক উৰণ সেতুৰ তলত আৱদ্ধ কৰি ৰাখে। আৰক্ষী-নিৰাপত্তা বাহিনীৰ বেষ্টনীৰ মাজতে বিক্ষোভকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, ঔষধৰ দাম বৃদ্ধি নচলিব আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় । মূল্যবৃদ্ধি সন্দৰ্ভত দলৰ নেতা গৰাকীয়ে কয়,  বিজেপি চৰকাৰে বিগত দিনত জনসাধাৰণৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাইজক অতিষ্ঠ কৰি তুলিছে। চৰকাৰী হাস্পতালৰ মাচুলৰ উপৰি জীৱন দায়িনী ঔষধৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত দৰিদ্ৰ ৰোগী সকলে চিকিৎসা সেৱা গ্ৰহণ কৰিব পৰা নাই।

চৰকাৰে হাস্পতালৰ বিল ১০০ শতাংশলৈকে বৃদ্ধি কৰি সাধাৰণ মানুহৰ চিকিৎসা সেৱাৰ অধিকাৰ কাঢ়ি ল’ব বিচাৰিছে। আম আদমী পাৰ্টিয়ে চৰকাৰৰ এই জনবিৰোধী নীতি বাতিল কৰিবলৈ দাবী জনাইছোঁ।  সভাপতি মনোজ ধানোৱাৰে ৰাজ্যৰ শক্তি বিভাগৰ বিৰুদ্ধেও সৰৱ হয় ।

চৰকাৰক শীঘ্ৰেই আদানী স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি এপিডিচিএলৰ পূৰ্বৰ মাচুল সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আপৰ ৰাজ্যিক উপ -সভাপতি অনুৰূপা ডেকাৰজা, সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, পুনম গগৈ, যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকা আৰু ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়াই বক্তব্য দাঙি ধৰে।

Exit mobile version