AAP will not contest in Maharashtra and Jharkhand:
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল আম আদমী পার্টি (আপ) য়ে। ইয়াৰ ফলত বিজেপিতকৈ অধিক ক্ষতিগ্রস্ত হৈছিল ইণ্ডি মর্চা।
এইবাৰ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ল’লে আপে। দুই ৰাজ্যৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈ আপে কয় যে তেওঁলোকে ইণ্ডি মৰ্চাৰ হৈ প্ৰচাৰ চলাব।