DB Stock Scam Accused Dipankar Barman Arrested By Guwahati Police:২৭ লাখ টকাসহ গোৱাত ধৃত প্ৰৱঞ্চক

দীপাংকৰ বৰ্মনক আজি হাজিৰ কৰাব পার্নেম আদালতত, আদালতৰ পৰা ট্ৰেণজিট ৰিমাণ্ডত ল'ব গুৱাহাটী ক্ৰাইম বাঞ্চে, মঙলবাৰে গুৱাহাটীলৈ বুলি ৰাওনা হ'ব দীপাংকৰসহ আৰক্ষীৰ দলটো, সাত হেজাৰ কোটি টকা আত্মসাতৰ অভিযোগ, ৬৬ দিন ধৰি আত্মগোপন কৰি আছিল মহাপ্ৰৱঞ্চক দীপাংকৰ

dipankar image 1

DB Stock Scam Accused Dipankar Barman Arrested By Guwahati Police:

লাখ লাখ টকা, সোণৰ আ-অলংকাৰসহ প্রায় ৬৬ দিন আত্মগোপনৰ পাছত অৱশেষত দেওবাৰে সন্ধিয়া গোৱাত গ্রেপ্তাৰ হ’ল অনলাইন ট্রেডিঙৰ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। ৰাজ্যত সংঘটিত অবৈধ ট্রেডিঙৰ প্ৰথম ঘটনা দীপাংকৰৰ জৰিয়তেই পোহৰলৈ আহিছিল । ‘ডি বি ষ্টক ব্রকিং’ নামৰ এটা প্রতিষ্ঠান স্থাপন কৰি দেশৰ কমেও ছখন ৰাজ্যত দীপাংকৰে বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি আহিছিল ৷

চতুৰ দীপাংকৰে তাৰ পাছতে আত্মগোপন কৰে। দীপাংকৰৰ পাছতহে অনলাইন ট্রেডিঙৰ নামত প্রৱঞ্চনা কৰা আন আন প্ৰৱঞ্চকসকলৰ তথ্য পোহৰলৈ আহে। সেইসকল কেতিয়াবাই আৰক্ষীৰ জালত পৰে। ইয়াৰ বিপৰীতে প্ৰায় সাত হেজাৰ কোটি টকা প্রবঞ্চনা কৰা বুলি অভিযোগ উত্থাপিত দীপাংকৰে ১৮ আগষ্টত গুৱাহাটীৰ পৰা বিমানযোগে পলায়ন কৰি মুম্বাইত দুদিন বাহৰ পাতি পিছত বাহনেৰে গোৱাত উপস্থিত হৈছিল । তেতিয়াৰে পৰা গোৱাতে আছিল। আনকি ধুৰন্ধৰ প্রৱঞ্চকজনে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে চাৰি- পাঁচদিনৰ মূৰে মুৰে লজ বা হোটেল সলনি কৰি আহিছিল।

কিন্ত অৱশেষত দেওবাৰে সন্ধিয়া বিশেষ সূত্ৰৰ পমখেদি গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ এ এছ পি অমিত মাহাটোৰ নেতৃত্বত যোৱা এটা দলে গোৱাৰ এখন হোটেলৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত দীপাংকৰকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে,ইতিমধ্যে চিবিআইলৈ হস্তান্তৰ হোৱা এনে প্ৰৱঞ্চনাৰ গোচৰবোৰৰ তদন্ত আৰম্ভ হোৱাৰ সমান্তৰালকৈ দীপাংকৰৰ সন্ধান বিচাৰি তীব্র অভিযানো অব্যাহত থাকে। প্রবঞ্চকজনৰ সন্ধান উলিয়াবলৈ অসম আৰক্ষীৰ চাৰিটা বিশেষ গোট গঠন কৰা হৈছিল। এই গোটবোৰৰ অনুসন্ধানত দীপাংকৰে শেহতীয়াকৈ গোৱাত আত্মগোপন কৰাৰ তথ্য পোহৰলৈ আহে।

গোৱাৰ দুখন বিশেষ ৰিজ’ৰ্টৰ ওপৰত চোৰাংচোৱাই অহৰহ চকু ৰাখে। প্রায় দুসপ্তাহ পূৰ্বৰ পৰা চলা এই বিশেষ অভিযানতো দীপাংকৰৰ সন্ধান নোলাল। শেহতীয়াকৈ অসম আৰক্ষীয়ে গোৱাত দীপাংকৰ লুকাই থকাৰ আন এক খবৰ লাভ কৰে আৰু তাৰ ভিত্তিত যোৱা চাৰি দিনৰ পৰা চলা অভিযানত অৱশেষত দেওবাৰে মহাপ্রবঞ্চকজন জালত পৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে দীপাংকৰ বৰ্মন গ্ৰেপ্তাৰ হোৱাৰ আনুষ্ঠানিক তথ্য সদৰী কৰে।

দিপাংকৰ থকা হোটেলৰ কোঠাটোত আৰক্ষীৰ দলে তালাচী অভিযান চলায়। কে’বাটাও পিঠিত লোৱা বেগ আৰু টলী বেগ কোঠাটোত আছিল। পিঠিত লোৱা এটা বেগৰ পৰাই লাখ লাখ টকা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ নিৰ্দেশত দীপাংকৰে নিজে বেগখন খুলি পাঁচশটকীয়া নোটৰ ৫৬ টা বাণ্ডিল বিছনাত থয়। ইয়াত থকা ধনৰ পৰিমাণ হ’ল ২৭ লাখ টকা। তদুপৰি প্ৰৱঞ্চকজনৰ মানিবেগৰ পৰাও উদ্ধাৰ হয় চাৰে ছয় হেজাৰ টকা। বেগখনতে আছিল দীপাংকৰে ডিঙিত পিন্ধা সোণৰ চেইন আৰু হাতত পিন্ধা সোণৰ ব্ৰেছলেট, কে’বাটাও সোণৰ আঙঠি আৰু পাৰপত্ৰ।

নিশা দীপাংকৰক গোৱাৰ স্থানীয় এখন আৰক্ষী থানাত হাজিৰ কৰা হয়। সোমবাৰে প্রবঞ্চকজনক গোৱাৰ পার্নেম আদালতত হাজিৰ কৰাই অসম আৰক্ষীয়ে ট্রেনজিট ৰিমাণ্ডত লৈ মঙলবাৰে ৰাজ্যলৈ অনাৰ কথা ।

উল্লেখ্য যে গুৱাহাটী, ৰঙিয়া, নলবাৰীকে ধৰি অসমৰ কে’বাটাও স্থানৰ লগতে হায়দৰাবাদ, কর্ণাটক, নগালেণ্ড, অন্ধ্রপ্রদেশ আদি ৰাজ্যতো দীপাংকৰে ডি বি ষ্টক ব্ৰকিঙৰ নামত শ শ বিনিয়োগকাৰীক প্ৰৱঞ্চনাৰ জালত পেলাইছিল।

ইতিমধ্যে জব্দ কৰা নথিপত্ৰৰ ভিত্তিত পোহৰলৈ অহা তথ্য অনুসৰি, ছেবিৰ সম্পূৰ্ণ নিয়ম উলংঘাৰি দীপাংকৰে অনলাইন ট্রেডিঙৰ ব্যৱসায় চলাইছিল। বিনিয়োগকাৰীৰ সম্পূর্ণ ধনো বিনিয়োগ কৰা নাছিল। তাৰ বিপৰীতে বিনিয়োগকাৰীৰ ধনৰ এটা অংশ ৰিয়েল ইষ্টেট খণ্ডত বিনিয়োগ কৰিছিল। উচ্চ হাৰত সুত আদায় দিয়াৰ প্রলোভনৰে সমাজৰ বিভিন্ন শ্রেণীৰ লোকক নিজৰ প্ৰৱঞ্চনাৰ জালত পেলাইছিল। চর্চা অনুসৰি, দীপাংকৰৰ এই ব্যৱসায়ত বৃহৎ পৰিমাণৰ ক’লা ধনো বিনিয়োগ কৰা হৈছে।

হায়দৰাবাদ আৰু কৰ্ণাটকত ডি বি ষ্টক ব্ৰ’কিঙৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা লোকৰ দ্বাৰা কে’বাটাও গোচৰ পঞ্জীয়ন হৈছে। আৰক্ষীয়ে ইতিমধ্যে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে প্রেয়সী আৰু ডি বি ষ্টক ব্রকিঙৰ চার্টার্ড একাউন্টেন্টজনকো গ্রেপ্তাৰ কৰিছে। বিদেশলৈ পলাব নোৱৰাকৈ দীপাংকৰৰ বিৰুদ্ধে লুকআউট নটিচো জাৰি কৰা হৈছিল। আনকি অসমৰ লগতে ছিকিম,কৰ্ণাটক ,অন্ধ্ৰপ্ৰদেশ ,তেলেংগানা,নগালেণ্ড আৰু হাৰিয়ানা ৰাজ্যত মষ্টৱান্টেড আছিল মহা প্ৰৱঞ্চক দীপাংকৰ।

মনকৰিবলগীয়া যে গুৱাহাটীৰ পৰা ১৮ আগষ্টত পলায়ন কৰা দীপাংকৰে পলায়নৰ পিছৰে পৰা প্ৰেয়সী পৰিয়ালৰ স’তে সম্পৰ্কত আছিল ৷ যাৰবাবে ২০ আগষ্ট প্ৰেয়সীৰ ভগ্নী অঞ্জলী দাসে হাৱালাৰ জৰিয়তে দীপাংকৰলৈ পঠিয়াইছিল কে’বা লক্ষাধিক টকা আৰু সেই ধনখিনি দীপাংকৰে লাভ কৰিছিল ২২ আগষ্টত ৷ ইতিমধ্যে নিশা গোৱাৰ এখন থানাৰ লকাপৰ মজিয়াত বহি কটাই মহা প্ৰৱঞ্চকজন ।

# মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল :

৬৬ দিন আত্মগোপন কৰি থকা অনলাইন ট্ৰেডিঙৰ মহা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গোৱাত গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত আজি বিয়লি এক সংবাদমেল সম্বোনন কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । আয়ুক্ত গৰাকীয়ে কয় ,ডি বি ষ্ট্ৰকৰ নামৰ কে’বা হেজাৰ টকা লুট কৰা দীপাংকৰ বৰ্মনক দেওবাৰে গুৱাহাটী আৰক্ষীয়ে গোৱাৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে নিশাই স্থানীয় থানা এখনত লকাপত থকা বৰ্মনক আজি পার্নেম আদালতত হাজিৰ কৰা হয় ৷ ইতিমধ্যে আদালতৰ পৰা ট্ৰেণজিট ৰিমাণ্ডত লোৱা হয় দীপাংকৰক ৷ মঙলবাৰে গুৱাহাটীলৈ বিমানযোগে অনা হ’ব বৰ্মনক । পৰৱৰ্তী সময়ত বৰ্মনক গুৱাহাটী আৰক্ষীয়ে চমজাই দিব চিবিআইক ৷ যিহেতুকে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত দায়িত্বত আছে চিবিআই।

Exit mobile version