Musk bought a house for his three wives ,11 children at a cost of Rs 294 crore:
বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি আৰু বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে তেওঁৰ তিনিগৰাকী পত্নী আৰু ১১ সম্ভানক একেলগে ৰখাৰ বাবে এক পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে টেক্সাছৰ অষ্টিনত এটা ১৪,৪০০ বর্গ ফুটৰ বাসগৃহ ক্ৰয় কৰিলে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিজনে। মাস্কৰ এই নতুন বাসগৃহত আছে ছটা শয়নকক্ষ। প্রকাশিত বাতৰি অনুসৰি, মাস্কে এই বাসগৃহ ২৯৪ কোটি টকাত ক্ৰয় কৰিলে ।
নিউয়র্ক টাইমছৰ বাতৰিত উল্লেখ কৰা অনুসৰি, বৰ্তমানে মাস্কে বসবাস কৰা টেক্সাছৰ বাসগৃহৰ পৰা নতুনকৈ ক্ৰয় কৰা ঘৰটো মাত্র ১০ মিনিট দূৰত্বত অৱস্থিত। মাস্কে তেওঁৰ তিনি পত্নী আৰু ১১ সন্তানৰ স’তে একেলগে বসবাসৰ উদ্দেশ্যৰে এই বাসগৃহ ক্ৰয় কৰা বুলি নিউয়র্ক টাইমছে প্রতিবেদনত উল্লেখ কৰিছে ।
পৰিয়ালৰ স’তে একেলগে সময় অতিবাহিত কৰিবলৈ বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিজনে নতুনকৈ বাসগৃহ ক্ৰয় কৰা বুলিও সংবাদ পত্রখনে প্রতিবেদনত দাবী কৰিছে। মাস্কৰ ১২টা সন্তান আছিল যদিও পূর্বে তেওঁৰ পুত্র জাস্টিনৰ জন্মৰ ১০ সপ্তাহৰ পাছতে মৃত্যু হৈছিল ।