Devastating fires in several parts of the state on Diwali night:
দীপাৱলীৰ উছাহৰ মাজতে গুৱাহাটী মহানগৰী সহ ৰাজ্যৰ কে’বা ঠাইত সংঘটিত হোৱা অগ্নিকাণ্ডত কে’বাজনো লোক হতাহত হোৱাৰ লগতে জুইত ভস্মীভূত হয় বহু লাখ টকাৰ সা- সম্পত্তি ৷
দীপাৱলীৰ নিশা মহানগৰীৰ বেহাৰবাৰী শৰ্মা কাটাৰৰ সমীপত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ এটা পুৰণি টায়াৰৰ গুদামৰ পৰা সুত্ৰপাত হোৱা জুয়ে আগুৰি ধৰে কে’বাটাও বাসগৃহ ৷ ফলত মুহূৰ্ততে ভস্মীভূত হয় আবাসগৃহ কেইটা ৷ অৱশ্যে পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷
আনহাতে,দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে শিৱসাগৰৰ মাজমজিয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ৭নং ৱাৰ্ডৰ লক্ষীপ্ৰিয়া পথৰ প্ৰায় ১১টাকৈ ভাড়াঘৰত হোৱা জুইত অগ্নিদগ্ধ হয় দুজনকৈ লোক। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনে চিকিৎসালয়ত মৃত্যুৰ স’তে যুঁজিছে ৷ জুইত জাঁহ যায় আটাইকেইটা বাসগৃহ ৷
দীপাৱলীৰ নিশাই এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় মৰাণত ৷ দ্বাৰিকা এনক্লেভৰ দ্বিতীয় মহলাত থকা চিল্কালেণ্ড নামৰ এখন কাপোৰ দোকানত জুয়ে পলকতে আগুৰি লয় বস্ত্ৰ দোকান খনৰ গুদামঘৰ। প্ৰাপ্ত খবৰ অনুসৰি আতচবাজীৰ ফিৰিঙতি গুদামত পৰাৰ ফলতে জুইৰ সূত্রপাতৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ অগ্নিকাণ্ডৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
ইপিনে, পোহৰৰ উৎসৱৰ দিনটোৰ সন্ধিয়া তিনিচুকীয়াতো সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । হিজুগুৰি ভিআইপি পথত ৰখাই থোৱা টেংকাৰত হঠাতে জুই লাগে । বিধ্বংসী জুইত সম্পূৰ্ণৰূপে জাঁহ যায় টেংকাৰখন।