ইতিহাসত লিপিবদ্ধ নোহোৱা এক প্রাচীন মহানগৰৰ সন্ধান পোৱা গৈছে গুজৰাটৰ নিকটৱৰ্তী খম্ভাত উপসাগৰৰ সমুদ্র গর্ভত। সমুদ্র গৰ্ভৰ ১২০ ফুট অটলাতত এই প্রাচীন মহানগৰৰ অস্তিত্ব পোৱা গৈছে। এই মহানগৰ কমেও ৯,৫০০ বছৰ পুৰণি বুলি একাংশ প্রত্নতত্ত্ববিদে ধাৰণা কৰিছে ।
ADVERTISEMENT
এই প্রাচীন মহানগৰত বাচন-বর্তন, মণি-মুকুতাৰে তৈয়াৰী অলংকাৰ, মানুহৰ হাড়ো উদ্ধাৰ হৈছে। সেইসমূহৰ কাৰ্বন ডেটিং পৰীক্ষাৰ জৰিয়তে মহানগৰখন কমেও ৯,৫০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে। যদিহে এই ধাৰণা সত্য হয়, তেন্তে দেশৰে নহয়, প্রায় সমগ্র বিশ্বৰ ইতিহাস নতুনকৈ ৰচিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ বিশেষজ্ঞই।
আনহাতে, সমুদ্র গৰ্ভৰ এই মহানগৰক লৈ একাংশ প্রত্নতত্ত্ববিদৰ মাজত বিতর্কও অব্যাহত আছে। ইয়াৰ মাজতে চর্চা হৈছে যে এডোখৰ কাঠৰ টুকুৰাৰ পৰীক্ষাৰ জৰিয়তে এই ডুবন্ত প্রাচীন মহানগৰৰ সন্ধান পোৱা গৈছে। এই সম্পর্কত অৱশ্যে একাংশই মন্তব্য কৰিছে যে সাগৰৰ বুকুত সন্ধান পোৱা এই প্রাচীন মহানগৰ মানুহে গঢ়া নহয়। তাৰ পৰিৱৰ্তে এই মহানগৰ সাগৰৰ জোৱাৰ ভাটাৰ দ্বাৰাহে সৃষ্ট। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, এই মহানগৰ প্ৰাচীন সিন্ধু উপত্যকাৰ সভ্যতাতকৈও পুৰণি।
এই সম্পৰ্কত ভাৰতীয় ৰাষ্ট্ৰীয় মহাসাগৰ প্ৰযুক্তিৰ প্ৰাক্তন মুৰব্বী বিদ্যানাৰায়ণে কয় যে এই মহানগৰ প্ৰাচীন সিন্ধু সভ্যতাতকৈও পুৰণি। একেদৰে বিখ্যাত চিত্রনির্মাতা গ্রাহাম উইলিয়ামছে কয় যে এই প্রাচীন মহানগৰ সম্পূর্ণৰূপে উদ্ধাৰ হ’লে বিশ্বৰ ইতিহাস নকৈ ৰচিত হোৱাৰ সম্ভাৱনা আছে। একাংশ প্রত্নতত্ত্ববিদে সমুদ্র গৰ্ভৰ এই মহানগৰক লৈ অধ্যয়ন অব্যাহত ৰাখিছে।
এই ক্ষেত্ৰত কার্বন ডেটিং পৰীক্ষাই মূল হৈছে। উল্লেখ্য যে ব্রিটিছ শাসনৰ সময়ত প্রত্নতাত্ত্বিক খননৰ জৰিয়তে হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ অস্তিত্ব উদ্ধাৰ হয়।