Sixty million voters cast their ballots in the United States ahead of the election:
আমেৰিকাত পাঁচ নৱেম্বৰত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে প্রায় ছয় কোটি মার্কিন ভোটদাতাই নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিলে। এইসকল ভোটদাতাই পত্র বা ব্যক্তিগতভাৱে ভোটদান সম্পন্ন কৰিলে।
আমেৰিকাৰ ভোটদাতাসকলে এইবাৰৰ নিৰ্বাচনত ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছৰ এজন পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নির্বাচন কৰিব। অৱশ্যে বৃহৎ সংখ্যক লোকে লেটাৰ বেলট ব্যৱস্থাৰে নিৰ্বাচনৰ পূৰ্বে ভোটদান কৰাৰ ফলত এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাত বিলম্ব হোৱাৰ সম্ভাৱনা আছে।
চিএনএনৰ শেহতীয়া সমীক্ষাত দাবী কৰা অনুসৰি জর্জিয়া আৰু নর্থ কেৰ’লিনাত কমলা আৰু ট্রাম্পৰ মাজত প্রবল প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে। জর্জিয়াত প্রাক নির্বাচনী সমীক্ষাত ট্রাম্পে ৪৮ শতাংশ আৰু কমলাই ৪৭ শতাংশ ভোটদাতাৰ সমৰ্থন লাভ কৰিছে।
আনহাতে, নৰ্থ কেৰ’লিনাৰ কমলাই ৪৮ আৰু ট্রাম্পে ৪৭ শতাংশ ভোটদাতাৰ সমৰ্থন লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ তিনিটা নির্বাচনত উত্তৰ কেৰ’লিনাৰ ভোটদাতাই ৰিপাব্লিকান দলৰ সপক্ষে ভোটদান কৰি আহিছে ৷