Apcc President Bhupen Bora Visit Bongaigaon:
বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বঙাইগাঁৱত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা | বঙাইগাঁও ৰাজীৱ ভৱনত সুধাকণ্ঠ ভুপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনায় ভুপেন বৰাই | উপ -নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱত কেইবাখনো নিৰ্বাচিনী সভাত অংশ ল’ব বুলি কয় ভূপেন বৰাই |
বৰাই কয় ,আঞ্চলিকতাৱাদী ভাবধাৰা বঙাইগাঁও সমষ্টিটোত আছে । জাতীয়তাৱাদী চেতনা থকা বাবেই ব্ৰজেনজিৎ সিংহক প্ৰাৰ্থীত্ব দিছে কংগ্ৰেছে । বিপুল ভোটত জয়যুক্ত হ’ব কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে। চামগুৰিত বিজেপিৰ গুণ্ডা বাহিনীয়ে প্ৰতিদিনে অব্যাহত ৰাখিছে সংঘাত। বিহালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে দুই কোটি টকা যোৰহাট আৰু ৰাজস্থানত দিয়া বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয়|, কয়লা আৰু চুপাৰী চিণ্ডিকেটৰ টকা জাগীৰোডৰ এগৰাকী নেতাৰ ঘৰত যায় ।