Government cannot acquire all private sector property:SC সকলো ব্যক্তিগত খণ্ডৰ সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰে চৰকাৰে

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

sc00

Government cannot acquire all private sector property:SC

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান ৷ এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ সম্পত্তি অধিগ্রহণ কৰিব নোৱাৰিব চৰকাৰে। সংবিধানৰ অনুচ্ছেদ ৩৯(বি)ৰ অধীনত ব্যক্তিগত খণ্ডৰ সম্পত্তি অধিগ্ৰহণ কৰা সন্দৰ্ভত শুনানি গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন নজনীয়া বিচাৰপীঠে ৷

ADVERTISEMENT

নজনীয়া বিচাৰপীঠৰ ন্যায়াধীশসকল হ’ল ন্যায়াধীশ হৃষিকেশ ৰায়, বি ভি নাগাৰথনা, সুধাংশু ঢুলীয়া, জে বি পাৰ্দিৱালা, মনোজ মিশ্ৰ, ৰাজেশ বিন্দল, সতীশ চন্দ্ৰ শৰ্মা, অগাষ্টিন জৰ্জ মছিহ।

উল্লেখ্য যে,এক ৰাজহুৱা স্বাৰ্থ জড়িত( পিআইএল) আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷

Exit mobile version