Devotees drink AC water, mistaking it for ‘Charan Amrit’ at Banke Bihari Temple In Mathura Vrindavan:পবিত্ৰ বৃন্দাৱনত এচিৰ পানীকে ভগৱান কৃষ্ণৰ ‘চৰণামৃত’ বুলি খালে বহু ভক্তই !

অভাৱনীয় ঘটনাৰ দৃশ্য ভাইৰেল হোৱাত প্রতিক্রিয়া, গুৰুতৰ নিউম 'নিয়া সদৃশ লেগিঅ'নেয়াছ ৰোগত আক্ৰান্ত হোৱাৰ শংকা

ac 1

Devotees drink AC water, mistaking it for ‘Charan Amrit’ at Banke Bihari Temple In Mathura Vrindavan:

পবিত্ৰ বৃন্দাৱনত দৈৱকীনন্দন ভগৱান শ্রীকৃষ্ণৰ চৰণৰ জল বুলি একাংশ ভক্তই বাতানুকূল যন্ত্র (এচি)ৰ পানীকে খোৱাৰ দৃশ্য ইণ্টাৰনেটত ভাইৰেল হোৱাত চৌদিশে মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৃন্দাবনত অত্যুৎসাহী ভক্তসকলে সংঘটিত কৰা এই ঘটনাক লৈ বহু স্বাস্থ্য বিশেষজ্ঞ উদ্বিগ্ন হৈছে।

তেওঁলোকে আঙুলিয়াই দিছে যে যন্ত্ৰৰ পৰা নিগৰিত এই পানী পান কৰাসকল বিভিন্ন ৰোগ তথা বীজাণু সংক্রমণত আক্রান্ত হোৱাৰ আশংকা আছে। কাৰণ এচিৰ পানীত শৰীৰৰ বাবে ক্ষতিকাৰক অণুজীৱ, শৰীৰ ক্ষয়কাৰী ধাতু আদি থাকে। এই স্বাস্থ্য হানিকাৰকসমূহ মিহলি হৈ থকাৰ ফলত এচিৰ পানী কেৱল খোৱাৰ অনুপযোগীয়েই নহয়, গছ-গছনিত দিয়াৰ বাবেও অনুপযোগী; অথচ এনে অৱস্থাতে ভগৱান শ্রীকৃষ্ণৰ চৰণামৃত বুলি এই ভক্তসকলে এচিৰ পানীকে পান কৰে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে পানীৰ ফোঁৱাৰৰ পৰা ওলোৱা পানী একাংশ ভক্তই হাতেৰে ধৰি পান কৰি আছে।

পবিত্র জল বুলি গণ্য কৰা এই পানী খোৱা ভক্তসকলৰ বাবে স্বাস্থ্যৰ কেনে ক্ষতি হ’ব পাৰে সেই সম্পৰ্কত একাংশ বিশেষজ্ঞই মত পোষণ কৰিছে। এই সম্পৰ্কত হেপাট’ল ‘জিষ্ট চিৰাক এবে ফিলিপছে সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘শীত-তাপ নিয়ন্ত্রিত যন্ত্ৰত ভেঁকুৰকে ধৰি বহু ধৰণৰ অণুজীৱই বাহৰ পাতে। ইয়াৰে কিছুসংখ্যক সঁচাকৈয়ে ভয়ংকৰ। এচিৰ পানী খালে লেগিঅ’নেল্লা নামৰ বেক্টেৰীয়াই সৃষ্টি কৰা লেগিঅ’নেয়াছ নামৰ ভয়লগা ৰোগৰ সৃষ্টি হ’ব পাৰে। ‘ তদুপৰি এচিৰ পানী খালে অন্যান্য পার্শ্বক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকা কৰে বিশেষজ্ঞ চিকিৎসকজনে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, লেগিঅ’নেয়াছ ৰোগ হৈছে এক গুৰুতৰ ৰূপৰ নিউম’নিয়া। এই ৰোগ সৃষ্টিকাৰক লেগিঅ’নেল্লা বেক্টেৰীয়া সাধাৰাতে নৈ, হ্ৰদৰ দৰে প্ৰাকৃতিক জল উৎসসমূহত পোৱা যায়। অৱশ্যে এনে বেক্টেৰীয়াই এচি, হট টাব, পানীৰ পাইপ, কুলিং টাৱাৰ আদিতো বাহৰ পাতি বংশবৃদ্ধি ঘটাব পাৰে। এই বেক্টেৰীয়াযুক্ত কেইটোপালমান পানী মানুহৰ ভিতৰলৈ গ’লেই বিপদ অৱধাৰিত হ’ব পাৰে।

এই জটিল ৰোগৰ লক্ষণসমূহৰ অন্যতম হৈছে প্রচণ্ড জ্বৰ, কাহ, মাংসপেশীৰ বিষ আৰু উশাহ চুটি হোৱা। এই ৰোগত যিকোনো বয়সৰ লোক আক্রান্ত হ’ব পাৰে। অৱশ্যে যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুর্বল, তেনে লোকসকল সহজে আক্রান্ত হোৱাৰ আশংকা থাকে। আনহাতে, বিশেষজ্ঞৰ মতে, যিহেতু অধিকাংশ এচিৰ পানী ঘনীভূতকৰণৰ জৰিয়তে সংগ্ৰহ কৰা হয়, গতিকে তেনে পানী খালে আন কেতবোৰ বিপদো আহিব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত এচিৰ পানী বাচন-বর্তন ধোৱা আদি কামতো ব্যৱহাৰ কৰা অনুচিত।

বিশেষজ্ঞসকলে এই কথাও আঙুলিয়াই দিছে যে এচিৰ পানীত সহজে ধূলি-মাকতিৰ লগতে শৰীৰৰ বাবে অতি ক্ষতিকাৰক ৰাসায়নিক দ্রব্যও জমা হোৱাৰ আশংকা থাকে। কাৰণ এই পানী ঘনীভূতকৰণৰ জৰিয়তে সংগ্ৰহ কৰা হয়। একেদৰে এচিৰ পানীত বেক্টেৰীয়া, ভেঁকুৰ আদিৰ দৰে অণুজীৱ সহজে জমা হ’ব পাৰে।

সেয়েহে সজাগ-সচেতন লোকসকলে এচিৰ পানী গছ-গছনিতো নিদিয়ে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে এচিৰ পানীয়ে মাটিৰ পিএইছ (pH) সলনি কৰে। এই সলনিয়ে মাটি অনুৰ্বৰ কৰাৰ আশংকা থাকে।

Exit mobile version