State Government has banned smoking on office premises:
কাৰ্যালয়ৰ ভিতৰত আৰু চৌহদৰ ভিতৰত কোনো স্থানতে ধূমপান কৰিব নোৱাৰিব। এই নির্দেশনা উলংঘন কৰিলে বিহা হ’ব কঠোৰ শাস্তি। চৰকাৰী কৰ্মচাৰীৰ বাবে এই নির্দেশনা জাৰি হ’ল কৰ্ণাটকত। কৰ্মচাৰীৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ লগতে কৰ্মক্ষেত্ৰৰ পৰিৱেশ স্বাস্থ্যসম্মত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা বুলি প্রশাসনৰ সূত্ৰই সদৰী কৰিছে।
ADVERTISEMENT
চৰকাৰী কৰ্মীৰ মাজত ধূমপানৰ ক্ষতিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰতো এই ব্যৱস্থাই সহায় কৰিব বুলি প্রশাসনে মত প্রকাশ কৰিছে। কৰ্ণাটকৰ কৰ্মীবৰ্গ আৰু প্ৰশাসনিক সংস্কাৰ (ডিপিএআৰ) বিভাগে অলপতে এই নির্দেশনা জাৰি কৰিলে।
কাৰ্যালয়ৰ চৌহদত ধূমপান, গুটখা, পাণ মচলা আৰু অন্যান্য ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ বহু অভিযোগ লাভৰ পাছত প্রশাসনে এই পদক্ষেপ গ্রহণ কৰিলে।