Plans to evict indigenous people for limestone:
গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত গৈ শীতৰ আগমন ঘটিছে। ক্রমান্বয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ গৰমপানী সমষ্টিৰ অন্তর্গত উমৰাংছলৈ অহা দেশী- বিদেশী পর্যটকৰ আগমন ঘটিছে। পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত থকা অতিথিশালা, ৰিজ’ৰ্ট আদি ইতিমধ্যে পর্যটকৰে ভৰি পৰিছে। প্রকৃতিয়ে নিজ হাতেৰে গঢ়া সেউজঘন পাহাৰ-পৰ্বত, জলাশয়, নদী-উপ-নদী, ডাৱৰে লুকা- ভাকু খেলা জলপ্রপাত আৰু বন্যপ্ৰাণীৰ প্ৰাচুৰ্যই পর্যটকসকলক হাত বাউলদি মাতে। উমৰং আৰু কপিলীৰ নীলবৰণীয়া প্রতি টোপাল পানীয়ে যেন পর্যটকক প্রশ্ন কৰে, ‘দেখিছা মই কিমান নীলা? মোৰ নীলা নীলা চাৱনিত নিজক বিচাৰি পাইছা!’ পানীমূৰ জলপ্রপাতৰ গৰ্জনত যেন পর্যটকসকলে আক্ষেপ কৰে কিয় অহা নাছিলো ইমানদিনে তোমাৰ কাষলৈ। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি উমৰাংছ’ পাহাৰৰ টিলাত বহি নিৰলসভাবে কিছু সময় চাই থাকিলে এনে লাগে যেন প্রকৃতিয়ে সদম্ভে চিঞৰি উঠিছে, ‘উমৰাংছ’, মোৰ লীলাময় সৃষ্টিৰ জীৱন্ত সাক্ষী। চোৱা আৰু মোৰ সৃষ্টিত বিলীন হৈ যোৱা।’ হয়, এয়াই উমৰাংছ’।
আজি এই উমৰাংছ’য়ে উচুপি উঠিছে। উমৰাংছ’ৰ বক্ষ ফালি চিৰাচিৰ কৰা হৈছে। নিজ জননীৰ উচুপনিত ফেকুৰি ফেকুৰি কান্দিছে কাৰ্বিসকলে। দিকবিদিক হেৰুৱাই দৌৰিছে ডিমাছাসকলে। সম্মুখৰ পৃথিৱীখন যেন ধোঁৱাময়, একো মণিব
নোৱাৰি। কাক ক’ব, কোনে শুনিব। সকলো কেৱল ৰং চোৱাতেই ব্যস্ত।
পৰিতাপৰ বিষয়, উমৰাংছ’ৰ নাতিদূৰৈত, প্রায় ১৮ কিলোমিটাৰ নিলগত অৱস্থিত নখন গাঁও- ব’ৰ লক্ষিণডং, থাৰ্বেলাংচ, চ্ছট লক্ষিণডং, চ্ছিকিলাংচ, চ্ছেকচ,চ্ছ’ট লবাং, ব’ৰ লবাং, রাখা আৰু চ্ছ’টলক্ষিণডং খুতি গাঁৱক সামৰি বিস্তৃত হৈ থকা নহেজাৰৰো অধিক ভূমিৰ। । এক বৃহৎ অঞ্চলক চুণশিল খননৰ উদ্দেশ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে অধিগ্রহণ কৰিবলৈ সকলো প্রস্তুতি চূড়ান্ত কৰিছে। ব’ৰ লক্ষিণডং গাঁৱৰ গাঁওবুঢ়া জেং ৰংহাঙে ‘দৈনিক অগ্রদূত’ৰ আগত প্ৰকাশ কৰা মতে উক্ত নখন গাঁৱত ১০ হেজাৰৰো অধিক কাৰ্বি লোকে বাস কৰে। তেওঁ কয় যে পৰিষদে অত্যন্ত ফেচীবাদী আচৰণেৰে এই ১০ হেজাৰ ভূমিপুত্রক বলপূর্বক উচ্ছেদৰ ভাবুকি প্রদান কৰিছে।
শুভাশীষ ৰয়চৌধুৰীয়ে উক্ত প্রস্তাবিত অঞ্চলত ভূতাত্ত্বিক ‘মেপিং এণ্ড ড্রিলিং’ৰ বাবে দুজন জ্যেষ্ঠ ভূতত্ত্ববিদ মণিদ্বীপ কৌশিক আৰু পি বাক্সৰক ডিমা হাছাওলৈ প্ৰেৰণ কৰে। লগতে উত্তৰ ক্রুংমেং খণ্ডৰ অন্তৰ্গত (ট’পশ্বিত নম্বৰ- ৮৩ চি-১৪)
উক্ত অঞ্চলসমূহত ভূতাত্ত্বিক ‘মেপিং এণ্ড ড্রিলিং’ কৰোতে যাতে ভূতত্ত্ববিদসকলৰ লগতে তেওঁলোকৰ কাৰিকৰী দলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্রতি বিশেষ দৃষ্টি দিবলৈ আৰু প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ স্থানীয় জিলা প্রশাসন আৰু বন বিভাগলৈ বিশেষ নির্দেশনা জাৰি কৰে।
এনে নির্দেশনা লাভ কৰাৰ পাছতে সম্প্রতি সমগ্র অঞ্চলটোত ড্ৰ’নৰ জৰিয়তে যুদ্ধংদেহি ৰূপত জৰীপ চলাই থকা হৈছে। উল্লেখ্য যে বিভিন্ন বণিয়া গোষ্ঠীক লীজত দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে ইতিমধ্যে প্রকাশ কৰা নিবিদা মতে প্রস্তাবিত চুণশিল খনন প্রকল্পই উত্তৰ বৰহুন্দং ( অংশ ক, খ), দক্ষিণ বৰহুন্দং (অংশ ক, খ, গ) আৰু নতুন উমৰাংছ’ খণ্ড আদি বৃহৎ অঞ্চলক সাঙুৰি ল’ব।
# আমাৰ নেতাসকলে আমাক জীৱ-জন্তুৰ দৰে আচৰণ কৰিছে
ব’ৰ লক্ষিণডং গাঁৱৰ গাঁওবুঢ়া জেং ৰংহাঙে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱোলাল গর্লোচা, স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ খনিজ সম্পদ মন্ত্রী নন্দিতা গর্লোচা, সাংসদ হৰেন সিং বে আৰু পৰিষদৰ স্থানীয় কাৰ্যবাহী সদস্য চেমচিং ইংতি আদি সকলো নেতাই আমাৰ বিপক্ষত অৱস্থান গ্রহণ কৰিছে।
আমাৰ নেতাসকলে আমাক নিৰাপত্তা দিয়াৰ বিপৰীতে আমাকেই পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ জীৱ- জন্তুৰ দৰে আচৰণ কৰিছে। আমাক অমানৱীয় আচৰণ কৰি আমাৰ পিতৃপুৰুষৰ মাটিৰ পৰা খেদি পঠাবলৈ বল প্রয়োগ কৰিছে। স্বায়ত্তশাসন মানে এতিয়া কেৱল নেতাসকলৰ পৰিয়ালৰ সুৰক্ষা, লাহ-বিলাহতে সীমাবদ্ধ হৈছে। তেওঁলোকে আমাক শত্রু জ্ঞান কৰিছে। আমি অত্যন্ত মর্মাহত হৈছো। কাৰ আগত কান্দিম আমি, কোনে শুনিব?’
আমি তেওঁৰ কথাত মান্তি নোহোৱাত খঙত অগ্নিশর্মা হৈ চিঞৰি চিঞৰি আমাক একপ্ৰকাৰ ভাবুকি দি থৈ গ’ল। আমি এতিয়া শংকিত হৈ আছো। কেতিয়া কি হয় ঠিক নাই।’অতি শেহতীয়াকৈ অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক এম কে যাদবে ৰহস্যজনকভাৱে সমগ্র অঞ্চল পৰিভ্ৰমণ কৰাৰ কথা প্রকাশ কৰি ৰংহাঙে লগতে কয় যে স্থানীয় বন বিভাগৰ খণ্ড বন বিষয়া আৰু ৰেঞ্জাৰ আৰু বহু অচিনাকি চেহেৰাৰ মানুহে সঘনাই ড্র’নৰে জৰীপ চলাই গাঁওবাসীক আতংকগ্রস্ত কৰি ৰাখিছে।
# বাৰে বাৰে উচ্ছেদিত ভূমিপুত্র
উল্লেখ্য যে বক্স’ৰ লক্ষিণডং আৰু প্ৰস্তাৱিত নহেজাৰ বিঘাৰ চূণশিল খনন প্ৰকল্পৰ ভিতৰত অৱস্থিত গাঁওসমূহে ‘৫০ৰ দশকতেই ৰাজহ গাঁওৰূপে চৰকাৰী স্বীকৃতি লাভ কৰিছিল। উক্ত গাঁওসমূহ কার্বিসকলৰ পিতৃপুৰুষে শতিকা পূর্বে খাণ্ডং অঞ্চলত স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম লিমিটেড (নীপক’)-এ কপিলীনদীৰ খাণ্ডং সুঁতিত ‘৭০ৰ দশকত জলবিদ্যুৎ প্রকল্প স্থাপন কৰাত গাঁওবাসীয়ে উচ্ছেদিত হৈ বৰ্তমানৰ স্থানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। ভ-আৰপ্লাকলাংছ’ গাঁৱৰ গাঁওবুঢ়া তথা বৃহত্তৰ উমৰাংছ’ অঞ্চলৰ অন্যতম ৰাজনৈতিকভাবে সচেতন, জ্যেষ্ঠ নাগৰিক অনচিং টেৰঙে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘যেতিয়াই উমৰাংছলৈ চৰকাৰে উন্নয়নৰ নামত উদ্যোগ আনিছে তেতিয়াই কাৰ্বিসকলে আনন্দমনেৰে পিতৃপুৰুষৰ মাটি দান দি আহিছে।
# উন্নয়নৰ সপোন দেখুওৱাসকল আজি দালালত পৰিণত হৈছে, চৈধ্য গোষ্ঠীলৈ সম্পত্তি গোটাইছে
তাতোকৈ অধিক পৰিতাপৰ বিষয় যে উমাৰংছ’ চহৰৰ আন এঠাইত চূণশিল খনন প্রকল্প স্থাপনৰ বাবে পৰিষদে অসম চৰকাৰৰ নিৰ্দেশত অতিৰিক্ত দুহেজাৰ বিঘা ভূমি অধিগ্রহণ কৰিবলৈ জঁপিয়াই পৰিছে। উক্ত দুহেজাৰ বিঘা ভূমিত চচ্ছাট লার্পেং আৰু ন’বডিলং কৰ’ক নামৰ দুখন গাঁও অৱস্থিত। স্থানীয় বাসিন্দাই ‘দৈনিক অগ্রদূত’ৰ আগত প্ৰকাশ কৰা অনুসৰি, দুয়োখন গাঁৱৰ জনসংখ্যা কমেও এহেজাৰৰো অধিক। গাঁও দুখনৰ অধিকাংশ বাসিন্দাই ভূমিপুত্ৰ কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ লোক। উক্ত গাঁও দুখনৰ নিচেই সমীপত ইতিমধ্যে বিনয় চিমেন্ট (সম্প্রতি ডালমিয়া চিমেন্ট), ইউনাইটেড চিমেণ্ট আৰু নর্থ-ইষ্ট চিমেন্ট আদি কে’বাটাও উদ্যোগ স্থাপন কৰা হৈছে।
ধিক্কাৰ দিবলৈ ভাষা নাই। আমি কিমান যন্ত্রণাত ছটফটাই আছে কাকো বুজাব নোৱাৰো। যেতিয়া সুন্দৰ ভৱিষ্যতৰ সপোন দেখুওৱাসকল মাটিৰ দালালত পৰিণত হয়, তেতিয়া আৰু ক’বলগীয়া একো নাথাকে।’
# মাটিৰ পৰিৱৰ্তে আমাৰ মূৰ কাটি দিম ৷
উল্লেখ্য যে চ্ছতলার্পেং গাঁওখন পূৰ্বতে নীপক’ৰ কপিলী নদীৰ উমৰং প্ৰকল্পৰ নামনি অঞ্চলত প্রতিষ্ঠা কৰা হৈছিল। উক্ত গাঁৱক ১৯৪২ ত অর্থাৎ দেশে স্বাধীনতা লাভ কৰাৰ আগতেই ব্ৰিটিছ চৰকাৰে ৰাজহ গাঁওৰূপে চিহ্নিত কৰিছিল। নীপক’ৰ উমৰং জলবিদ্যুৎ প্রকল্পই সমগ্ৰ অঞ্চল জলমগ্ন কৰাৰ ফলত ১৯৭৬ত উক্ত অঞ্চল ত্যাগ কৰি চ্ছতলাপেং গাঁওখন বৰ্তমানৰ স্থানত পুনৰ প্রতিষ্ঠা কৰা হৈছিল।
সেই বছৰতেই স্বায়ত্তশাসিত পৰিষদখনে বৰ্তমানৰ চাৰিসীমাক স্বীকৃতি দি মেপ তৈয়াৰ কৰি দিছিল আৰু পৰিষদীয় সমষ্টিৰ ৰাজহ গাঁও হিচাপে স্বীকৃতি দিছিল। গাঁওখনৰ জ্যেষ্ঠ নাগৰিক ইলিছ টিমুঙে কয়, ‘কিছুদিন পূর্বে আমাক বলে মনাব নোৱাৰি স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কার্যবাহী সদস্যই প্রতিবাদী গঞাক লক্ষ্য কৰি গুলি ফুটাইছে। কে’বাগৰাকীকো শাৰীৰিক নির্যাতন চলাইছে। যিকোনো মূল্যৰ বিনিময়ত আমাৰ মাটি কাঢ়ি লৈ যোৱাৰ ভাবুকি প্রদান কৰিছে।
বৃহত্তৰ উমৰাংছ’ অঞ্চলত আসাম কয়লা কোৱাৰী (১৯৮৫), নীপক’ (১৯৭৬), বিনয় চিমেন্ট (১৯৮৮), নর্থ-ইষ্ট চিমেন্ট (১৯৮৯), উমৰাংছ’ চিমেন্ট (১৯৮৯), কপিলী টিই (১৯৯১), কুমৰেং ৰিজার্ভ (১৯৮৬), নামনি কপিলী ডেম (২০০৮) আদি কে’ বাটাও ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ প্রতিষ্ঠা কৰা হৈছে। আৰু এতিয়াও এই ক্ষুদ্র আয়তনৰ চহৰখনত নতুন নতুন প্রদূষণ সৃষ্টিকাৰী উদ্যোগ প্রতিষ্ঠা কৰিবলৈ গৈ থলুৱা ভূমিপুত্রসকলক সমূলঞ্চে বিতাড়ন কৰাৰ এক গভীৰ ষড়ষন্ত্ৰত লিপ্ত হৈছে বুলি ‘দৈনিক অগ্রদূত’ৰ আগত উমৰাংছ’বাসীয়ে ক্ষোভ প্রকাশ কৰে।
#উন্নয়নৰ নামত ভেঁকো-ভাওনা
পাহাৰীয়া জিলাখনৰ সংগ্ৰামী যুৱক দ্বীপেন ৰংপিয়ে দৈনিক অগ্রদূতৰ আগত কয়, ‘প্রতিটো খোজতে এতিয়া উদ্যোগ। পূর্বতে হওক বর্তমানতে হওক, ৰাইজক উদ্যোগ লাগে নালাগে তাৰ উত্তৰ কোনোদিন বিচৰা নাযায়। পৰিষদ তথা চৰকাৰক কেৱল মাটি লাগে। মানুহ নালাগে। চৰাই-চিৰিকটি, গছ-গছনি নালাগে। উন্নয়নৰ ভাগ আমি কোনোদিন পোৱা নাই। যদি হৈছে কেৱল নেতাৰ হৈছে।
সমগ্র উমৰাংছ’ত কেৱল দ্বাদশ শ্রেণী পর্যন্তহে অধ্যয়ন কৰিব পৰাকৈ শিক্ষানুষ্ঠান আছে। কোনোবা গাঁৱত খুব বেছি এগৰাকীকৈ চতুৰ্থ বৰ্গৰ চৰকাৰী কর্মচাৰী আছে। শিক্ষা, স্বাস্থ্য, সাধাৰণ জীৱন-জীৱিকা সকলোতে ভৈয়ামৰ ওপৰত নিৰ্ভৰশীল। এয়াই আমাৰ উন্নয়ন। উদ্যোগীকৰণৰ পৰিণম আৰু ১৯৫২ তে স্বায়ত্তশাসন লাভ কৰাৰ পৰিণাম। আজি আমি সৰ্বস্ব হেৰোৱাৰ বেদনতা কান্দিছো, প্রাণ ৰক্ষাৰ ভয়ত নিৰাপত্তা বিচাৰি যেনিয়ে তেনিয়ে দৌৰিছো আৰু দৌৰিছো।’
তেওঁ কয় যে বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিৰখনত মুখ্য কাৰ্যবাহী দেৱোলাল গর্লোচাকে ধৰি সৰ্বমুঠ ১২গৰাকী প্রাক্তন উগ্রপন্থী কার্যবাহী সদস্যৰূপে নির্বাচিত হৈ আছে যিসকলে ডিমাছা পাহাৰৰ আদিম, ভূমিপুত্র জনজাতিসকলক স্বাধীনতা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সপোন দেখুৱাই এক দীঘলীয়া সশস্ত্র সংগ্ৰামৰ নেতৃত্ব দিছিল। ৰংপিয়ে কয়, ‘আজি তেওঁলোকেই পাহাৰীয়া জিলাখনৰ স্থানীয় ভূমিপুত্ৰসকলৰ জীৱন-জীৱিকা মাটি সম্পত্তি কাঢ়ি পুঁজিপতিক গতাই দিয়াৰ প্ৰতিযোগিতাত লিপ্ত হৈছে।