D B Stock Scam :ডি বি ষ্টকৰ পাছত এইবোৰ এডি ষ্টকৰ লুন্ঠন

তিনি মাহত দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে কোটি কোটি টকা লুণ্ঠন, কে'বাশ কোটি লৈ গুৱাহাটীৰ পৰা পলায়ন মহা প্ৰৱঞ্চক আল্পনা দাস, হেঙেৰাবাৰীত এডি ষ্টক নামৰ সুকীয়া প্ৰতিষ্ঠানত বিনিয়োগ কৰিছিল বিভিন্ন জনে ধন

stock 1

D B Stock Scam :

এইবাৰ মহানগৰীত আন এক ট্ৰেডিং কেলেংকাৰী ৷ ডিবি ষ্টকৰ পিছত পুনৰ আন এক ট্রেডিং কেলেংকাৰি পোহৰলৈ আহিছে ৷ ডি বি ষ্টকৰ পাছত এইবোৰ এডি ষ্টকৰ লুন্ঠন ৷ তিনিমাহত ডাবল কৰা অৰ্থাৎ বিনিয়োগকাৰীক মাহিলি ১৩% সুত দিয়াৰ প্ৰতিশ্ৰুতিৰে বহুজনৰ পৰা কোটি কোটি লুন্ঠন কৰি গুৱাহাটীৰ পৰা সংগোপনে পলায়ন কৰে আল্পনা দাস নামৰ আন এগৰাকী মহা প্ৰৱঞ্চকে ৷

প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ আল্পনা দাস নামৰ যুৱতী গৰাকীয়ে মহানগৰীৰ হেঙেৰাবাৰীত AD Stock Broking Financial Service নামেৰে খুলিছিল এটা কার্যালয় । এই প্ৰতিষ্ঠানৰ জৰিয়তে আল্পনাই বহু বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল কে’বাশ কোটি টকা ৷

কিন্ত বিশদিন পূৰ্বে হেঙেৰাবাৰীস্থ কাৰ্যালয় বন্ধ কৰি বহু কোটি টকা লুন্ঠন কৰি গুৱাহাটীৰ পৰা পলায়ন কৰে । আনহাতে আল্পনা দাসে কাৰ্যালয় বন্ধ কৰি পলায়নৰ পাছতে হাহাকাৰ লাগে এডি ষ্টকৰ বিনিয়োগকাৰীৰ মাজতে ৷ প্ৰাপ্ত খবৰ অনুসৰি ভুক্তভোগী বিনিয়োগকাৰীয়ে দিছপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে প্ৰৱঞ্চক আল্পনা দাসৰ কাৰ্যালয় আৰু তিনিচুকীয়া বাসগৃহত তালাচী চলোৱাৰ লগতে তেওঁৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

প্ৰৱঞ্চক আল্পনা দাসে পূৰ্বতে মহা প্ৰৱঞ্চক তথা বৰ্তমান কাৰাৰুদ্ধ দিপাংকৰ বৰ্মনৰ ডি বি ষ্টকত মেনেজাৰ হিচাপে কৰ্মৰত আছিল যদিও দুবছৰ পূৰ্বে হেঙেৰাবাৰীত এডি ষ্টক নামৰ সুকীয়াকৈ এটা প্ৰতিষ্ঠান খুলি ট্রেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিল ৷

Exit mobile version