SEAPLANE landing at Pandghat:মহানগৰীৰ মহাবাহুত SEAPLANE অৱতৰণ

গুৱাহাটী বিমানকোঠৰ পৰা পাণ্ডু ঘাটলৈ ছীপ্লেনৰ পৰীক্ষণ

jayanta

SEAPLANE landing at Pandghat:

ৰাজ্যৰ পৰ্যটন উদ্যোগত নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে মহানগৰীৰ ব্ৰহ্মপুত্ৰত অৱতৰণ হ’ল ছীপ্লেন(SEAPLANE) ৷ গুৱাহাটী বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা পাণ্ডু ঘাটলৈ স্পাইচজেটৰ ছীপ্লেনৰ পৰীক্ষণ সম্পাদন হয় ৷ কিছু সময় পাণ্ডুঘাটত থাকি পুনৰ উৰা মাৰে বৰঝাৰস্থিত এয়াৰপৰ্টলৈ ৷

উল্লেখ্য যে অন্ধ্রপ্রদেশ, মেঘালয়ৰ পিছত অসমত প্ৰথমবাৰৰ বাবে সম্পন্ন হয় ছীপ্লেনৰ সফল পৰীক্ষণ । দেশৰ যাতায়াত আৰু পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত দেশৰ কেতবোৰ পৰ্যটনস্থলীত আৰম্ভ হৈছে ছীপ্লেনৰ পৰীক্ষণ ।

 

মহানগৰীৰ পাণ্ডঘাটত আজি ছীপ্লেনৰ পৰীক্ষণৰ সময়ত উপস্থিত থাকে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া,অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু স্পাইচজেটৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Exit mobile version