Manipur Violence Updates:
সেইদিনা আছিল ১১ নৱেম্বৰ। মেইটেইসকলৰ পৰম্পৰাগত উৎসৱ নিঙ্গল চকৌবাৰ দিন। শাহুআইৰ আমন্ত্রণমর্মে একমাত্র কন্যাক সংগী কৰি মোৰ পত্নী গৈছিল পিতৃগৃহলৈ। জিৰিবাম জিলাৰ জাকুৱাডহৰত পত্নীৰ পিতৃগৃহ। মই মেঘালয়ত নির্মাণ শ্রমিকৰূপে কৰ্মৰত। কামৰ চাপত এইবাৰ নিঙ্গল চকৌবাত ঘৰলৈ আহিব নোৱাৰিলো। আমি অতি সাধাৰণ পৰিয়ালৰ লোক। তথাপি আমি সকলোৱে মিলি এই উৎসৱত আনন্দ কৰো। এইবাৰ মোৰ দৰে কামৰ হেঁচাত মুম্বাইত থকা মোৰ খুলশালিজনো আহিব নোৱাৰিলে। অৱশ্যে মোৰ খুলশালী লাইশ্রম হৈতন্বী সিঙে পাৰিবাৰিক বিবাদৰ বাবে দুই পুত্ৰত্র সন্তানক লৈ মাতৃগৃহতে থাকে।
‘নিঙ্গল চকৌবাৰ সেই দিনটোত অইনবাৰৰ দৰে ৬৫ বছৰীয়া শাহুৱে মোৰ কন্যাসহ তেওঁৰ তিনি নাতিক লৈ আনন্দত মজিছিল। দুই ভগ্নীয়ে ৰন্ধা-বঢ়াত ব্যস্ত আছিল। সেই সময়তে জকুৰাডহৰত চৌপাশৰ পৰাই আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে। ঘৰ-বাৰী জুলাই দি দুষ্কৃতিকাৰী দলে উল্লাসত মত্ত হয়। এই ঘটনাটোত দুজন লোক অগ্নিদগ্ধ হৈ প্রাণ হেৰুৱায়। দুষ্কৃতিকাৰীৰ দলে গাঁওখন চৌপাশৰ ঘেৰাও কৰি ঘৰবোৰ জুলাই দি আনন্দত মতলীয়া হৈ উভতি যোৱাৰ পথত মোৰ শহুৰৰ ঘৰৰ সদস্যসকলকো বলপূর্বক লৈ যায়।
শাহু, স্ত্রী, খুলশালী, মোৰ কন্যা আৰু খুলশালীৰ দুই পুত্ৰ কাকো এৰি দিয়া নাছিল। মোৰ পত্নীয়ে দিনৰ প্ৰায় ১২ বজাত মোক ফোন কৰিছিল আৰু তেতিয়া মই অত্যন্ত ব্যস্ত থকাৰ বাবে ফোনটো ধৰিলেও তেওঁক কথা কোৱাৰ সুযোগ দিয়া নাছিলো। মই কাম কৰি আছো, পাছত ফোন কৰিম বুলি কৈ থৈছিলো ফোনটো। মই জনা নাছিলো যে সেয়া আছিল তেওঁৰ শেষ ফোনকল। কাম-বন কৰি আজৰি হৈ আবেলি চাৰি বজাত যেতিয়া মই পত্নীলৈ পুনৰ ফোন কৰো, তেতিয়া ছুইছ অফ আছিল। সেই ম’বাইল আৰু অন নহ’ল আৰু অন নহ’বও।
‘মোৰ খুলশালিৰো একেই অৱস্থা। তেওঁলোকৰ চাৰিগৰাকী কন্যা আৰু এজনেই ভ্রাতৃ। মাতৃসহ তেওঁ দুই ভগ্নীক একেলগে হেৰুৱালে। আন দুগৰাকী ভগ্নী ইম্ফলত থাকে। ঘটনাৰ দিনা মাতৃৰ ফোনকলতে সাৰ পাইছিল মোৰ খুলশালিজন। মাতৃয়ে উৎসৱৰ বাবে কিছু টকা বিচাৰিছিল আৰু একাউণ্টত থকা ২৫ হেজাৰ টকাই সম্পূৰ্ণকৈ তেওঁ ঘৰলৈ পঠিয়াইছিল। ঘৰলৈ যাব নোৱাৰিলেও মনে মনে আনন্দিত হৈছিল যে ঘৰলৈ পঠিওৱা টকাকেইটাৰে নিঙ্গল চকৌবা ভালদৰে পালন কৰিব পাৰিব পৰিয়ালে। অৱশ্যে ভবাৰ দৰে নহ’ল। সন্ধিয়া লগাৰ আগতে আমালৈ ফোন আহিল। মই মেঘালয়ৰ পৰা উধাতু খাই গ’লো জিৰিবামলৈ। কিন্তু গাঁওখনত প্ৰৱেশৰ কোনো উপায় নাছিল।
সকলোৱে মোক জিৰিবামৰ আশ্রয় শিবিৰত থাকিবলৈ ক’লে আৰু মই তাতে থাকিলো। গাঁওখনৰ অন্যান্য লোকসকলেও একেটা শিবিৰতে আছিল। পার্থক্য এটাই। সকলোৱে পৰিয়ালৰ সদস্যসকলক লৈ একেলগে আছিল আৰু কেৱল মই আছিলো এই অপেক্ষাত যে কেতিয়া মৃতদেহ চিনাক্ত কৰাৰ মোৰ পাল পৰিব। দুবাৰকৈ শিলচৰ মেডিকেল কলেজৰ মৰ্গলৈ গৈ এই কামটোৱে কৰিলো। এতিয়াও বহি আছো কেতিয়া খবৰ আহিব যে আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মই গৈ অৱশিষ্টৰ পৰা চিনাক্ত কৰিব লাগিব যে তেঁৱেই হৈতম্বী হয় নে নহয় ?
ওপৰোক্ত এই ভাষ্য মণিপুৰৰ অসম সীমান্তৰ জিৰিবামৰ জকুৱাডহৰ গাঁৱৰ সংঘটিত ভয়াৱহ ঘটনাৰ এগৰাকী ভুক্তভোগী স্বামীৰ। মণিপুৰত এতিয়া পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে মৃত্যুৱে কেতিয়া কাৰ বাবে অপেক্ষা কৰি আছে, সেয়া কোনেও নাজানে। মেইটেইসকলৰ অতি গুৰুত্বপূৰ্ণ বিবেচিত উৎসৱ উদ্যাপনৰ বাবে আনন্দ মনেৰে ঘৰলৈ যোৱা পত্নী-কন্যা যে কেতিয়াও পুনৰ উভতি নাহিব, সেয়া সপোনৰো অগোচৰ আছিল উত্তম সিঙৰ।