Putin sends animals to Kim to boost ties with North Korea:
উত্তৰ কোৰিয়াৰ স’তে ৰাছিয়াৰ ঘনিষ্ঠতা দিনকদিনে বৃদ্ধি পাইছে। উত্তৰ কোৰিয়াৰ স’তে বন্ধুত্ব শক্তিশালী কৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনক ৰুছ ৰাষ্ট্ৰপতিয়ে বিভিন্ন সা-সামগ্রী উপহাৰ দি আহিছে। কেইমাহমান পূর্বে পুটিনে কীমক এখন বিলাসী গাড়ী উপহাৰ দিছিল। শেহতীয়াভাৱে ৰুছ ৰাষ্ট্ৰপতিয়ে বিভিন্ন জন্তু কীমক উপহাৰ দি বিশেষ চর্চা লাভ কৰিছে।
অলপতে পুটিনে উত্তৰ কোৰিয়াৰ শাসকলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিলে সিংহক। লগতে ভালুকসহ আন কে’বাটাও জীৱ-জন্তু মস্কোৱে উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ঙলৈ প্ৰেৰণ কৰিলে। ৰুছ চৰকাৰে এটা আফ্রিকান সিংহ, দুটা ভালুকসহ ৭০ টাৰো অধিক জীৱ-জন্তু মস্কোৰ চিৰিয়াখানাৰ পৰা পিয়ংইয়ঙৰ এখন চিৰিয়াখানালৈ প্ৰেৰণ কৰিলে।
ৰাছিয়াৰ পৰা উপহাৰ হিচাপে লাভ কৰা এই জীৱ-জন্তুৱে এতিয়া উত্তৰ কোৰিয়াৰ ৰাজধানীত থকা চিৰিয়াখানাৰ শোভাবর্ধন কৰিব।