Sri Mata Vaishno Devi Ropeway Project:
জম্মু- কাশ্মীৰৰ কটৰাত প্রস্তুৱিত বৈষ্ণো দেবী ৰ’পৱে প্ৰকল্পৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ আৰম্ভ কৰিলে একাংশ স্থানীয় লোকে। স্থানীয় ব্যৱসায়ী, গান্ধিৱালা আৰু ঘোঁৰা ব্যৱসায়ীসকলে আজি প্ৰস্তাৱিত ৰ’পৱে প্ৰকল্পৰ বিৰোধিতাৰে হিংসাত্মক বিক্ষোভ প্রদর্শন কৰিলে। বিক্ষোভকাৰীসকলে আৰক্ষীৰ স’তে সংঘর্ষতো লিপ্ত হ’ল।
একাংশ প্রতিবাদকাৰীয়ে শিল আদি দলিয়াই পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল। হিংসাত্মক প্ৰতিবাদৰ ফলত কে’বাজনো লোক আহত হ’ল। উল্লেখ্য যে বৈষ্ণো দেবী তীর্থভূমি ব’র্ডে কটৰাত তাৰাকোট মাৰ্গ আৰু চাঞ্জিচটৰ মাজত ১২ কিলোমিটাৰ পথত ২৫০ কোটি টকা ব্যয়ৰে ৰ’পৱে নির্মাণ আৰম্ভ কৰিছে। বৈষ্ণো দেবী তীর্থযাত্ৰীৰ বাবে এই তীর্থযাত্রা সহজ আৰুআৰামদায়ক কৰি তোলাৰ লক্ষ্যৰে মন্দিৰ কর্তৃপক্ষই উক্ত ৰ’পৱে নিৰ্মাণৰ প্ৰকল্প গ্রহণ কৰিছে। কিন্তু ৰ’পৱে নিৰ্মাণৰ বিৰোধিতা কৰিলে স্থানীয় ব্যৱসায়ীসকলে।
বৈষ্ণো দেবী দর্শনার্থীক মন্দিৰৰ পাহাৰীয়া পথত পৰিবহণৰ ক্ষেত্ৰত পান্ধৱালা আৰু ঘোঁৰাৰ জৰিয়তে ব্যবসায়ীসকলে এক সেৱা আগবঢ়াই আহিছে। তীর্থযাত্ৰীৰ জৰিয়তে উক্ত পথছোৱাত যথেষ্ট সংখ্যক লোকে নানা ধৰণৰ ব্যৱসায়ী কৰি জীৱিকা আহৰণ কৰিছে। এইসকল লোকৰ মতে ৰ’পৱে নির্মাণ হ’লে তীর্থযাত্রীয়ে উক্ত পথৰ পৰিৱৰ্তে ৰ’পৱে ব্যৱহাৰ কৰিব আৰু ইয়াৰ ফলত ব্যৱসায়ীসকলৰ জীৱিকা বন্ধ হ’ব।
এই শংকাৰে আজি যথেষ্ট সংখ্যক স্থানীয় লোকে ৰ’পৱে প্ৰকল্পৰ বিৰুদ্ধে ব্যাপক বিক্ষোভ প্রদর্শন কবে। ২৫০ কোটি টকা ব্যয়ৰে ৰ’পৱেৰ নিৰ্মাণ সম্পূর্ণ হ’লে মাত্র এঘণ্টাতে বৈষ্ণো দেবী মন্দিৰ দৰ্শৰ সুবিধা লাভ কৰিব তীর্থযাত্রীয়ে। বর্তমানে এই মন্দিৰ দৰ্শনৰ বাবে কমেও সাত ঘণ্টা সময়ৰ প্রয়োজন হয়। চলিত বৰ্ষত অক্টোবৰলৈকে ৮৬ লাখ ভক্তই দৰ্শন কৰিলে বৈষ্ণো দেৱীৰ মন্দিৰ।