280 km high-speed trains will soon run in the country:
ভাৰতত দ্রুতগতিৰ ৰেলৰ সৰ্বাধিক গতিবেগ ঘণ্টাত ২৮০ কিলোমিটাৰ হ’ব। ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰিলে। মন্ত্রীজনে জনোৱা অনুসৰি, ইন্টিগ্রেল ক’চ ফেক্টৰী, চেন্নাইত বিইএমএলৰ সহযোগত এই অতি দ্রুতগতিৰ ৰে’লৰ ডিজাইন তৈয়াৰ কৰা হৈছে।
লোকসভাত মন্ত্রীজনে লগতে কয় যে ‘মেক ইন ইন্ডিয়া’ৰ অধীনত বন্দে ভাৰত ৰে’লৰ সফল নিৰ্মাণৰ পাছত ভাৰতীয় ৰে’লৱে এইবাৰ হাইস্পীড ৰেলৰ নতুন ডিজাইন তৈয়াৰ আৰম্ভ কৰিছে। ২০১৯ত ভাৰতত ছেমি হাইস্পীডৰ ‘বন্দে ভাৰত’ ৰেল সেৱা আৰম্ভ কৰা হৈছিল। ‘বন্দে ভাৰত’ৰ সৰ্বাধিক গতি ১৬০ৰ পৰা ১৮০ কিলোমিটাৰ প্ৰতি ঘণ্টাত। এইবাৰ ভাৰতীয় ৰেলে দেশত প্ৰৱৰ্তন কৰিব প্রতিঘণ্টাত ২৮০ কিলোমিটাৰ বেগত চলাচল কৰা হাইস্পীড ৰেলৰ। এই ৰেল নিৰ্মাণৰ বাবে ২৮ কোটি টকা ব্যয় কৰা হ’ব।