Apcc Pressmeet In Guwahati : অখিলক তুলাধুনা প্ৰদেশ কংগ্ৰেছৰ

অখিল গগৈয়ে বিজেপিৰ ফান্দত ভৰি দিব ওলোৱাৰ অভিযোগ ৰাইজৰ মাজত উত্থাপন হৈছে : কংগ্রেছ

mehdialom

Apcc Pressmeet In Guwahati:

সদ্যসমাপ্ত ৫ টা বিধানসভা সমষ্টিত হোৱা উপ-নির্বাচনত দেখা গল যে অসম প্রদেশ কংগ্রেছ কমিটীৰ স্বয়ং সভাপতিয়ে বিহালী সমষ্টিত প্রার্থী হবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পাছতো চিপিআই (এম এল) দলে বিহালীত প্রতিদ্বন্দিতা কৰিবলৈ একপ্ৰকাৰ আকোৰ গোজ হৈ পৰিছিল। ২০২১ চনৰ সাধাৰণ নিৰ্বাচনত চিপিআই (এম এল) দলৰ প্ৰাৰ্থী গৰাকীয়ে সূচনীয়ভাৱে পৰাজয় বৰণ কৰাই নহয় তেখেতে তাৰ পূৰ্বে আঁঠবাৰ বিধান সভাৰ নিৰ্বাচনত প্রতিদ্বন্দিতা কৰি পৰাজিত হৈছিল। কেৱল মিত্ৰতাৰ নামত মিত্ৰতা কৰি বিজেপি দলক জয়ী কৰোৱাৰ মানসিকতাক আমাৰ দলে এটা ৰাজনৈতিক ভুল প্ৰৱণতা বুলি অভিহিত কৰি বিহালী সমষ্টিত নিজ দলৰ প্ৰাৰ্থীক প্রতিদ্বন্দিতাত অৱতীৰ্ণ কৰায় আৰু ৪১ হাজাৰ ৮৯৬ টা ভোট পাবলৈ সক্ষম হয়। পাছত বিহালীৰ প্ৰসঙ্গক লৈ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কংগ্ৰেছ দলৰ নেতৃবৰ্গ আৰু কংগ্ৰেছ দলক কুকুৰে কাঁইট নোখোৱা ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰিছে। বিধায়ক অখিল গগৈক সঁকিয়াই দিব বিচাৰো যে আগন্তুক বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থন নহলে তেখেতে স্বয়ং শিৱসাগৰ বিধান সভা সমষ্টিতেই পৰাজয়বৰণ কৰিব পাৰে। গতিকে তেখেতে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ শিকক আৰু তেওঁৰ জিভাত লেকাম লগাওক। এই তিৰ্যক মন্তব্য এপিচিচিৰ মিডিয়া বিভাগৰ সহ:অধ্যক্ষ মেহদী আলম বৰাৰ

এক সংবাদমেলত বৰাই কয়, গগৈয়ে অসমৰ বিভিন্ন ঠাইত সভা সমিতি পতাত আমি শুভেচ্ছা জনাইছো। কিন্তু তেখেতে দাবী কৰা জাতীয়তাবাদৰ ক্ষেত্ৰ ভূমি উজনি অসমত তেখেতৰ অনুগামী কিমান আছে প্রথমে তাক প্ৰমাণ কৰিলেহে তেখেত কিমান দ পনীৰ জাতিয়তাবাদী সেই কথা প্রমাণ হব। কিন্তু তাকে নকৰি সহজসাধ্য নামনি অসম আৰু বৰাক উপত্যকাত যত কংগ্ৰেছ দলৰ সংগঠনৰ ভেটি টনকিয়াল সেইবোৰ অঞ্চলত গৈ কংগ্ৰেছ দলক গালি শপনি পাৰি প্ৰচাৰ চলোৱাৰ কাৰণ অতি ৰহস্যজনক। তেখেতে নিজে প্রতিনিধিত্ব কৰা শিৱসাগৰ বিধানসভা সমষ্টিতেই এখন জনবহুল ৰাজহুৱা সভা অনুষ্ঠিত নকৰি কংগ্ৰেছ দলৰ সাংগঠনিক প্রভাৱ বিশিষ্ট বিধানসভা সমষ্টি সমূহত সভা পাতি ২৫ খন বিধান সভাৰ আসন ৰাইজৰ দলক লাগে বুলি দাবী কৰাৰ অৰ্থই হল তেখেতে বিজেপি বিৰোধী মৰ্চা অসমত বিচৰা নাই। কাৰণ যি ক্ষেত্রত সমগ্র দেশ জুৰি সংগঠিত হোৱা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ইণ্ডি এলায়েন্সৰ মূল উদ্দেশ্যই হল স্বৈৰতান্ত্রিক বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰা আৰু ৰাজনৈতিক কর্মসূচী ভিত্তিক বিৰোধী ৰাজনৈতিক দলৰ মঞ্চ প্ৰতিষ্ঠা কৰা। অথচ তাৰ বিপৰীতে গৈ অখিল গগৈয়ে ২৫ খন আসন নাপালে বিৰোধী মঞ্চৰ অংশীদাৰ নহয় বুলি ঘোষণা কৰাৰ অৰ্থই হল কেৱল ক্ষমতা স্বচ্চ মিত্রতা জোট গঠনতহে তেখেতে প্রাধান্য দিছে আৰু যিটো বিজেপি দলৰ বাবে আর্শীবাদ স্বৰূপ হৈ পৰিব। অথচ অসম কংগ্ৰেছৰ প্ৰত্যেকজন নেতাই আগন্তুক দিনত যিকোনো প্ৰকাৰে বিজেপি বিৰোধী ঐক্য মঞ্চ গঢ়িবলৈ বদ্ধপৰিকৰ বুলি ঘোষণা কৰিছে, তেনে ক্ষেত্ৰত বিজেপিৰ সহায়ক হোৱাকৈ স্থিতি গ্ৰহণ কৰি অখিল গগৈয়ে আওপাকে বিজেপিৰ সৈতে মিত্ৰতা প্রতিষ্ঠা কৰি অসমত বিৰোধী ঐক্য নষ্ট কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাত আমি কংগ্ৰেছ দল অতি উদ্বিগ্ন হৈছো ৷

বৰাই অখিল গগৈক সতৰ্ক কৰি কয়,আমি বিচাৰিছো যে তেখেতে কংগ্রেছক সমালোচনা কৰিবলৈ গৈ বিজেপিৰ ফান্দত যেন ভৰি নিদিয়ে। তদুপৰি আজি সমগ্ৰ অসম জুৰি ৰাইজৰ মাজত অভিযোগ উত্থাপন হৈছে যে অখিল গগৈয়ে বিজেপিৰ সৈতে গোপনে মিতিৰালি কৰি অসমত বিৰোধী ঐক্য গঢ়ি তোলাত নতুনকৈ হেঙাৰ তৰিব বিচাৰিছে। সামাজিক মাধ্যমৰ লগতে নানান ৰাজহুৱা মঞ্চত অখিল গগৈক মৌলানা আজমল চাহাবৰ বিকল্প হিচাপে গঢ়ি তুলিবলৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিকল্পনা কৰি অখিল গগৈক কাষ চপাই লৈছে বুলি যি অভিযোগ আজি ৰাইজৰ মাজত উত্থাপন হৈছে তাৰ বাবে কিন্তু অখিল গগৈৰ শেহতীয়া স্থিতিয়েই জগৰীয়া তথা অখিল গগৈয়ে বিতর্কিত বাতাবৰণ সৃষ্টি কৰি ৰাইজক সেই অভিযোগ আনিবলৈ সুযোগ নিজেই দিছে বুলি বিভিন্ন মহলে কব খুজিছে। যিটো বাস্তৱিকতেই দুর্ভাগ্যজনক আৰু আমি সেই বাবেই অখিল গগৈক সাৱধান হবলৈ সঁকিয়াই দিছো। কাৰণ বিজেপিৰ বিৰোধী ৰাইজে ভয় কৰিছে যে অখিল গগৈয়ে ২০১৪ চনৰ সংসদীয় নির্বাচনত বিজেপিৰ পক্ষে ভোট দিবলৈ কোৱাৰ দৰে পুনৰ এবাৰ ভুল সিদ্ধান্ত লৈ লব পাৰে।

Exit mobile version