দুৱাৰদলিত শীত । শীত মানেই ৰুক্ষ ছাল, ছুলিত উফিৰ সমস্যা । শীতকালত ঠাণ্ডা বতাহে আমাৰ ছালৰ আৰ্দ্ৰতা নাইকিয়া কৰি তোলে । ফলত আমাৰ ছালখন শুকান হৈ পৰে।
এইবোৰৰ পৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সঠিক যত্ন আৰু ছালৰ ধৰণৰ বাবে ক্ৰীম বা মইশ্ব’ৰাইজাৰৰ প্ৰয়োজন হয়। যিয়ে ছালখনক হাইড্ৰেটেড আৰু সতেজ কৰি ৰখাৰ লগতে ছুলিৰ ভিন্ন সমস্যা হোৱাৰ পৰা ৰেহাই দিয়ে ।
আপোনালোকৰ এনে কিছুমান প্ৰশ্নৰ উত্তৰ লৈ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ অনল জ্যোতি বৰদলৈৰ বিশেষ টিপছ ।
শীতকালত ছালৰ সুৰক্ষা কেনেদৰে ল’ব লাগে?
শীতকালত মানুহৰ ছালখন শুকান হৈ পৰে, ফলত বহুতো লোকে বহুতো সমস্যাৰ সন্মুখীন হয় । তাৰ লগতে কিছু ৰোগেও দেখা দিব পাৰে । ছালখন নিমজ কৰি ৰাখিবলৈ পুৱা শুই উঠি মুখ ধোৱা, গা ধোৱাৰ পিছতযিকোনো মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক । বৰ্তমান সময়ত বজাৰত ভিন্ন ধৰণৰ মইশ্ব’ৰাইজাৰ উপলব্ধ, সেয়েহে পৰাপক্ষত ছেৰামাইট যুক্ত মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব ।
গা ধোৱাৰ পূৰ্বে নাৰিকল তেল অথবা অ’লিভ অইলেৰে শৰীৰটো মালিচ কৰি প্ৰায় ১০ মিনিট সময়ৰ পিছত গা ধুই দিয়ক । গা ধুওঁতে কঠোৰ চাবোন ব্যৱহাৰ নকৰিব ইয়াৰ পৰিৱৰ্তে ব’ডী ৱাশ্ব ব্যৱহাৰ কৰিব পাৰে । ইয়ে আপোনাৰ ছাল মসৃন কৰি ৰখাত সহায় কৰিব ।
কিছু লোকৰ ছাল যথেষ্ট সংবেদনশীল হোৱা দেখা যায়, ফলত ঊলৰ কাপোৰ অথবা ছিনথেটিক কাপোৰ পৰিধান কৰাৰ ফলত এলাৰ্জী হোৱাৰ সম্ভাৱনা অধিক হয় । সেইসকল লোকে গৰম কাপোৰ পৰিধান কৰাৰ পূৰ্বে কপাহী কাপোৰ পৰিধান কৰক । পানী আৰু শাক-পাচলি পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক ।
উফিৰ পৰা কিদৰে পৰিত্ৰাণ পাব ?
শীতকালত মূৰৰ ছালখন শুকাই যোৱাৰ ফলত উফিৰ সমস্যা অধিক হোৱা দেখা যায় । সেইবাবে চুলিত ঘনাই নাৰিকল তেল লগাওক । সপ্তাহত দুবাৰতকৈ অধিক চেম্পু নকৰিব । চুলি ধোৱাৰ পিছতেই ছীৰাম লগাওক ।
প্ৰেপটাইটযুক্ত ছীৰামে আপোনাৰ চুলিত পোষণ যোগান ধৰে । ইয়াৰোপৰি সুস্থ চুলিৰ বাবে মাল্টিভিটামিন, বায়’টিন, ভিটামিন ইযুক্ত টেবলেটছ গ্ৰহণ কৰিব পাৰে, বৰ্তমান সময়ত বজাৰত এনেধৰণৰ বিভিন্ন টেবলেট উপলব্ধ ।
তৈলযুক্ত স্কেল্প থকা সকলে এটা এণ্টি ডেনড্ৰ’ফ চেম্পু ব্যৱহাৰ কৰক । মিঠা কমাই খাওক । ব্যায়াম কৰক ।
ওজন বৃদ্ধি হ’বলৈ নিদিব ।
লগতে পঢ়ক : Use matte lipstick like this in winter:মেট লিপষ্টিক শীতত এইদৰে ব্যৱহাৰ কৰক